Investigative reporting with dedication.

২০২০ বৰ্ষৰ স্কুল বেগ নীতি ঘোষণা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ। নীতি অনুসৰি ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন আৰু গৃহকাৰ্য কৰাৰ ক্ষেত্ৰত বহু কেইটা নিয়ম বান্ধি দিয়া হৈছে। এতিয়াৰ পৰা দ্বিতীয় শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীক কোনো ধৰণৰ গৃহকাৰ্য দিব নোৱাৰিব শিক্ষক-শিক্ষয়ত্ৰীয়ে। সেইদৰে স্কুল বেগৰ ওজন দুই কেজিতকৈ অধিক হ’ব নোৱাৰিব। নেচনেল কাউঞ্চিল অৱ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিঙৰ তত্বাৱধানত সম্পন্ন হোৱা সমীক্ষাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে। নিৰ্দেশনাৱলী সমূহ হ’ল-
স্কুল বেগৰ ওজন শৰীৰৰ ওজনতকৈ দহ শতাংশ কম হ’ব লাগিব।প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বেগৰ ওজন ১.৬ কেজিৰ পৰা ২.২ কেজিৰ ভিতৰত হ’ব লাগিব।একাদশ-দ্বাদশ শ্ৰেণীৰ বেগৰ ওজন ৩.৫-৫ কেজিৰ ভিতৰত হ’ব লাগিব।তৃতীয়-চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক দৈনিক সৰ্বোচ্চ দুঘণ্টাৰ গৃহকাৰ্য দিব পাৰিব। ষষ্ঠ আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক দৈনিক এঘণ্টাৰ গৃহকাৰ্য দিব পাৰিব। নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক দিব পাৰিব সৰ্বোচ্চ ২ ঘণ্টাৰ গৃহকাৰ্য।




