বিতৰ্কিত গামোচা হৈছে ইছ্যু ডাইভাৰ্টৰ অচিলা !

Share This Article

হয় ,ইয়াৰ অন্তৰালত গভীৰ ৰহস্যৰ গোন্ধ পাইছে সচেতন মহলে।কিয়নো সদায় গুৰুত্বপূৰ্ণ ইছ্যুৰ পৰা জনতাক আঁতৰাই ৰখাৰ বাবে চৰকাৰ তথা তেওঁলোকৰ লালিত পালিত সংবাদগোষ্ঠীয়ে আন এটা বিষয় একে সময়তে উত্থাপন কৰে যিটো বিষয়ক লৈ আৰম্ভ হয় সামাজিক মাধ্যমত আলোচনা,সমালোচনা, ট্ৰ’ল,প্ৰতিক্ৰিয়া আদিৰ।গামোচাৰ বিতৰ্ক আৰম্ভ হৈছে বিগত ২৬ মাৰ্চৰ পৰা ।সেইদিনটো আছিল অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ সবাতোকৈ গুৰুত্বপূৰ্ণ দিন।সেইদিনাই অসমত তিনিদিনীয়া কাৰ্যসূচীৰে উপস্থিত হৈছিলহি দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত।উদ্দেশ্য আছিল সমষ্টি পুনৰনিৰ্ধাৰণৰ বিষয়টো বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰা।অৱশ্যে নিৰ্বাচন আয়োগৰ এই আগমন এক নিয়মমাফিক পদক্ষেপ বুলি সমালোচনা কৰিছে কংগ্ৰেছকে ধৰি বিৰোধী দলবোৰে।কিন্তু সোমবাৰৰ দৰে গুৰুত্বপূৰ্ণ দিনত অসমৰ মেডিয়া অথবা সামাজিক মাধ্যম যিটো বিষয়ক লৈ ব্যস্ত থাকিব লাগিছিল,সেইটো বিষয়ত ব্যস্ত থাকিব নোৱাৰিলে।ভূতৰ ওপৰত দানহ পৰাদি পৰিলহি গামোচাৰ বিষয়টো।কি সামাজিক মাধ্যম,কি মেডিয়া ,কি দল -সংগঠন সকলো ব্যস্ত হৈ পৰিল বিতৰ্কিত গামোচাক লৈ !অসমীয়াই ভাবিবলৈ বাধ্য হ’ল সমষ্টি নিৰ্ধাৰণৰ দানহটোতকৈ অসমীয়াৰ স্বাভিমানৰ ভূতটো বেছি গুৰুত্বপূৰ্ণ।এফালে সমষ্টি ৰক্ষা আনফালে স্বাভিমান ৰক্ষা -কাক ধৰিব, কাক এৰিব?অসমীয়া আৱেগপ্ৰৱণ ,গতিকে চিৰদিনলৈ সৃষ্টি হ’বলগীয়া সমস্যা সমষ্টি হেৰুৱা আৰু পোৱাৰ বেদনাক আওকাণ কৰি ব্যস্ত থাকিল এটা সৰু ,গুৰুত্বপূৰ্ণ তথা বিতৰ্কিত বিষয়ত !সেয়ে সচেতন মহলৰ প্ৰশ্ন সমষ্টি পুনৰ নিৰ্ধাৰণ যি ৰাজ্যৰ সমগ্ৰ ৰাজনৈতিক প্ৰেক্ষাপট,সামাজিক পটভূমি সলাই পেলাব সেই বিষয়টোক গুৰুত্বহীন কৰাৰ বাবে গামোচা বিতৰ্ক চৰকাৰী পৃষ্ঠপোষকতাত সৃষ্ট ‘ইছ্যু’ নহয়তো?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.