Investigative reporting with dedication.

বিত্তীয় বৰ্ষ ২০২১ টো দেশৰ অৰ্থনীতিৰ কোনো বিশেষ পৰিৱৰ্তন নহয়। দেশৰ GDP ২০২১ বিত্তীয় বৰ্ষটো ঋণাত্মক হোৱাৰ সম্ভাৱনা প্ৰবল। এই তথ্য প্ৰকাশ পাইছে আমেৰিকাৰ ৰেটিং ব্যৱস্থা FITCH ৰ শেহতীয়া এক প্ৰতিবেদনত। FITCH ৰ অনুমান অনুসৰি বিত্তীয় বৰ্ষ ২০২১ ত ভাৰতৰ GDP ১০.৫% সংকুচিত হ’ব। ইয়াৰ পূৰ্বে জুন মাহত FITCH য়ে ভাৰতৰ অৰ্থনীতি ৫% সংকুচিত হব বুলি অনুমান কৰিছিল। কিন্ত শেহতীয়াকৈ প্ৰকাশ কৰা গ্লোবেল ইক’নমিক আউটলোক কেলেণ্ডাৰ,২০২০ ত তেওঁলোকৰ পূৰ্বৰ অনুমান সংশোধিত কৰে। FITCH ৰ অনুমান অনুসৰি বিত্তীয় বৰ্ষ ২০২০-২১ ত সমগ্ৰ বিশ্বৰ GDP ৪.৪% সংকুচিত হ’ব। পিছে আমেৰিকাৰ GDP এই সময়ছোৱাত ০.৬% আৰু চীনৰ ২% হব বুলি FITCH যে অনুমান কৰিছে।
FITCH যে আৰু জনায় যে ২০২০ বৰ্ষৰ বিশ্বৰ GDP নিৰ্ধাৰণত ভাৰত, ইউৰোপ আৰু UK ৰ অৰ্থনীতিৰ যি সংকুচন হৈছে সি যথেষ্ট প্ৰভাৱ পেলাইছে।




