Investigative reporting with dedication.
বিটিচি নিৰ্বাচন সমাগত
সমাগত বিটিচি নিৰ্বাচন। দল সমূহে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। কিন্তু তাৰ মাজতে ৰাজনৈতিক নেতা সকলৰ মাজত তুংগত আছে বাকযুদ্ধ। আৰু তাৰ লগতে দেখা গৈছে বিজেপি এৰি বিপিএফ ত যোগদান কৰিছে কেইবাগৰাকীও বিজেপি নেতাই। পাচনৈ চেৰফাং সমষ্টিত বিজেপিৰ নেতাই আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান কৰিছে।আনফালে কোকোৰাঝাৰ জিলাৰ অগপৰ সভাপতি জাকিৰ হুছেইনে আহ্বান জনায় যে – BTR ৰ পৰিষদীয় নিৰ্বাচনত বিজেপিৰ পৰিবৰ্তে ভোট দিব লাগে বিপিএফক।

