বিজয় মালিয়াক ভাৰতলৈ প্ৰত্যাপৰ্ণ কৰাত পুনৰ বাধা

Share This Article

লিকুৱেৰ কিং বিজয় মালিয়াক ভাৰতলৈ হস্তান্তৰ কৰা প্ৰক্ৰিয়াই নতুন মোৰ লাভ কৰিছে। এই মাহতে ভাৰতলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছিল। কিন্তু বৃহস্পতিবাৰে ব্ৰিটেইনৰ উচ্চস্তৰীয় কৰ্তৃপক্ষই কিছু আইনী প্ৰক্ৰিয়া বাকী আছে বুলি জনোৱাৰ পিছত এই মাহত বিজয় মালিয়াৰ প্ৰত্যাপৰ্ণৰ সম্ভাৱনা প্ৰায়েই নাইকিয়া হৈছে। এই বাকী থকা কি আইনী প্ৰক্ৰিয়া, সেইটো কিছু জটিল। ব্ৰিটিছ হাই কমিশ্যনৰ মতে এই আইনী প্ৰক্ৰিয়া এতি গোপনীয়।
এক সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, প্ৰত্যাপৰ্ণ বাধা দিবলৈ কৰা এক আবেদন কৰি ব্ৰিটিছ হাই কৰ্টত হাৰি পিছত ছুপ্ৰীম ক’ৰ্টৰ দ্বাৰস্থ হ’বলৈ সুবিধা পোৱা নাছিল। তাৰপিছত বিজয় মালিয়াই চলে-বলে ধাৰৰ টকা ঘুৰাই দিয়াৰ টোপ দিছিল। কিন্তু ভাৰতীয় বেংকসমূহে আগ্ৰহ প্ৰকাশ নকৰিলে।
আনহাতে, বিজয় মালিয়াক জুন-জুলাইত প্ৰত্যাপৰ্ণৰ সম্ভাৱনা আছিল। ব্ৰিটিছ হাই কমিশ্যনৰ মন্তব্যৰ পিছতেই আইনী মেৰপেঁচৰ গতিবিধি লক্ষ্য কৰি CID, EDয়ে সোনকালে বিজয় মালিয়াক ভাৰতলৈ প্ৰত্যাপৰ্ণ নকৰাৰ আশংকাই প্ৰকট হৈ পৰিছে ।
কিংফিছাৰ এয়াৰলাইন্সৰ কৰ্ণধাৰ বিজয় মালিয়াই ষ্টেট বেংকৰ লগতে কেইবাটাও বেংকৰ পৰা ৯ হাজাৰ কোটি টকাৰ ঋণ লৈ উধাও হৈছিল ব্ৰিটেইনলৈ। ১৪ মে’ৰ দিনা ইংলেণ্ডৰ আদালতে ভাৰতলৈ প্ৰত্যাপৰ্ণ কৰাৰ আৰ্জি খাৰিজ কৰিছিল। EDয়ে জনোৱামতে খুব সোনকালেই ভাৰতলৈ ইংলেণ্ডে প্ৰত্যাপৰ্ণ কৰাৰ কথা। কিন্তু ব্ৰিটিছ হাই কমিশ্যনে জনায় যে বিজয় মালিয়াক প্ৰত্যাপৰ্ণ কৰাৰ পূৰ্বে কিছু গোপন আইনী প্ৰক্ৰিয়া সমাপ্ত কৰাৰ প্ৰয়োজন আছে। গতিকে সেইসমূহ শেষ হোৱাৰ পিছতহে ভাৰতলৈ পঠিওৱাটো সম্ভৱ হ’ব।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.