বিজেপি সভাপতিৰ পুত্ৰৰ বিৰুদ্ধে গোচৰ

Share This Article

বিজেপিৰ সভাপতিৰ পুত্ৰৰ বিৰুদ্ধে সহপাঠীক মাৰধৰৰ অভিযোগ।বিজেপিৰ মূৰব্বী বান্দী সঞ্জয় কুমাৰৰ পুত্ৰৰ বিৰুদ্ধে উত্থাপিত হৈছি সহপাঠীক গুৰুতৰভাৱে মাৰপিট কৰাৰ অভিযোগ।তেলেংগানা বিজেপিৰ সভাপতিৰ পুত্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ,ৰুজু হৈছে গোচৰ।উল্লেখ্য যে মহিন্দ্ৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে গোচৰ তৰিছে বিজেপিৰ সভাপতিৰ পুত্ৰ ভগীৰথৰ বিৰুদ্ধে।ভগীৰথে তেওঁৰ সহপাঠী শ্ৰীৰামক বাৰে বাৰে চৰিওৱাৰ ভিডিঅ’ ভাইৰেল হৈছিল ছ’চিয়েল মেডিয়াত।একেটা ভিডিঅ’তেই ভগীৰথৰ আন এজন সহযোগীয়েও চৰিয়াইছিল শ্ৰীৰাম নামৰ ছাত্ৰজনক।দ্বিতীয় ভিডিঅ’টোত শ্ৰীৰামক অশ্লীল ভাষাৰে গালি পৰা আৰু তেওঁক তেওঁৰ হোষ্টেলৰ কোঠাত মাৰপিট কৰাৰ ভিডিঅ’ প্ৰকাশ পাইছে।ভগীৰথৰ মতে শ্ৰীৰামে তেওঁৰ শ্ৰেণীৰ সহপাঠীৰ ভনীয়েকক অশ্লীল বাৰ্তা প্ৰেৰণ কৰিছিল।শ্ৰীৰামে নিজেও স্বীকাৰ কৰিছিল যে তেওঁ ছোৱালীজনীলৈ আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰাটো সঁচা।যেতিয়া বিজেপিৰ সভাপতি পুত্ৰ ভগীৰথে শ্ৰীৰামক এই বিষয়ে প্ৰশ্ন কৰিছিল তেতিয়া তেওঁ ভগীৰথকো বেয়া ব্যৱহাৰ কৰিছিল।ল’ৰাজনে কয়“ভগীৰথে মোক চৰিয়াইছিল কাৰণ মই তেওঁক আৰু ছোৱালীজনীক বেয়া ব্যৱহাৰ কৰিছিলোঁ।”শ্ৰীৰামে কোৱা মতে এই ঘটনাটো দুটা মাহ পূৰ্বেই সংঘটিত হৈছিল।শ্ৰীৰামে কয় “ইয়াৰ পিছত আমি মীমাংসালৈ আহিছিলোঁ৷অনুগ্ৰহ কৰি এই ভিডিঅ’বোৰ প্ৰচাৰ কৰা বন্ধ কৰক।”আনহাতে,বিজেপিৰ সভাপতি বান্দী সঞ্জয় কুমাৰে কয় যে এয়া মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ এক ষড়যন্ত্ৰ।বান্দী সঞ্জয় কুমাৰে কয় “ ছাত্ৰৰ মাজত কাজিয়াও লাগিল,মীমাংসাও হ’ল।তেওঁলোকে ছাত্ৰছাত্ৰীক ৰাজনীতিৰ পৰা আঁতৰাই ৰখা উচিত।বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গোচৰ ৰুজু কৰিছে কিন্তু ইয়াৰ অন্তৰালত মুখ্যমন্ত্ৰীৰ হেঁচাৰ বিষয়টো জড়িত আছে৷তেওঁলোকে মোৰ মুখ বন্ধ কৰিব বিচাৰিছে।”আনহাতে আৰক্ষী পৰিদৰ্শক ৰমান্না ৰেড্ডীয়ে কয় “ ঘটনাটো কেতিয়া সংঘটিত হৈছিল তাৰ তথ্য আমাৰ হাতত নাই।কিন্তু আমি ভাইৰেল ভিডিঅ’বোৰৰ ভিত্তিত গোচৰটোৰ তদন্ত আৰম্ভ কৰিছোঁ।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.