সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপি নেত্ৰীৰ বাবে লজ্জানত হ’ল নেকি ভাৰত ?

বিজেপি নেত্ৰীৰ বিতৰ্কিত মন্তব্যই আন্ত:ৰাষ্ট্ৰীয় স্তৰত লজ্জিত কৰিছে ভাৰতক ৷ টাইমছ নাওৰ এক বিতৰ্কত ভাগ লৈ বিজেপিৰ মুখপাত্ৰ নুপূৰ শৰ্মাই পয়গম্বৰ মহম্মদ সন্দৰ্ভত এক অতি অশালীন মন্তব্য কৰিছিল ৷ তাৰ পাছতেই দেশে বিদেশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ নুপূৰ শৰ্মাৰ এনে মন্তব্যৰ পাছতেই আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰবল চাপৰ সন্মুখীন হয় ভাৰত ৷ বিজেপিয়ে নুপূৰ শৰ্মাক দলৰ পৰা নিলম্বিত কৰে যদিও আৰৱ দেশসমূহত এতিয়াও ইয়াৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ কাটাৰৰ দৰে দেশে কঠোৰ স্থিতি গ্ৰহণ কৰি ভাৰতক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপণ কৰিছে ৷ দেওবাৰে কাটাৰৰ বিদেশ মন্ত্ৰালয়ে ভাৰতৰ ৰাষ্ট্ৰদূতক তলচ কৰি ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপণ কৰিছে ৷
ভাৰতৰ উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডু কাটাৰত থকা অৱস্থাতে দেশখনে এনে স্থিতি গ্ৰহণ কৰিছে ৷ কাটাৰৰ এক বিবৃতিত কোৱা হৈছে যে শাসনাধিষ্ঠিত দলটোৱে মুখপাত্ৰগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো আদৰণীয় ৷ কিন্তু কাটাৰে ভাৰত চৰকাৰে ইয়াৰ বাবে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব বুলি আশা কৰে ৷
কাটাৰৰ ভাৰতীয় দূতাবাসৰ মুখপাত্ৰই সদৰী কৰে যে পয়গম্বৰ মহম্মদৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে ৷
অৰ্গেনাইজেশ্যন অৱ ইছলামিক কো- অপাৰেশ্যনৰ প্ৰতিক্ৰিয়া
কাটাৰ , কুৱেইটৰ দৰে দেশে বিজেপি নেত্ৰীৰ এনে মন্তব্যৰ কঠোৰ নিন্দা কৰাৰ উপৰি অৰ্গেনাইজেশ্যন অৱ ইছলামিক কো- অপাৰেশ্যনে ধাৰাবাহিকভাৱে ভাৰতৰ ভূমিকাক সমালোচনা কৰিছে ৷ অৰ্গেনাইজেশ্যন অৱ ইছলামিক কো- অপাৰেশ্যনে মন্তব্য কৰিছে যে ভাৰতত মুছলমানৰ বিৰুদ্ধে সু – পৰিকল্পিতভাৱে হিংসা বৃদ্ধি পাইছে ৷ হিজাব নিষিদ্ধ কৰা , মুছলমানৰ সম্পত্তি ধ্বংস কৰা আদি ঘটনাবোৰৰ বিষয়ে উল্লেখ কৰি পয়গম্বৰ মহম্মদৰ বিৰুদ্ধে অশালীন মন্তব্য কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপণ কৰে ৷
কুৱেইটৰ অসন্তুষ্টি
কাটাৰৰ পাছত কুৱেইটেও ভাৰতীয় ৰাষ্ট্ৰদূতক তলব কৰি নিজৰ আপত্তি দৰ্শায় ৷ কুৱেইটৰ বিদেশ মন্ত্ৰালয়ৰ এছিয়া বিষয়ৰ সহকাৰী সচিবে পয়গম্বৰ মহম্মদক লৈ শাসকীয় দলৰ নেত্ৰীগৰাকীয়ে কৰা মন্তব্য সন্দৰ্ভত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে নেত্ৰীগৰাকীক দলৰ পৰা নিলম্বিত কৰা ঘটনাক আদৰণি জনায় ৷
বিজেপিৰ প্ৰতিক্ৰিয়া
নুপূৰ শৰ্মাৰ মন্তব্যই ভাৰতক বিপদত পেলোৱাৰ পাছত বিজেপিয়ে নেত্ৰীগৰাকীক দলৰ পৰা নিলম্বিত কৰে ৷ এক বিবৃতিত বিজেপিয়ে সদৰী কৰে যে দলে সকলো ধৰ্মক সন্মান কৰে ৷ কোনো ধৰ্মৰ মহাপুৰুষক লৈ কৰা অপমানজনক মন্তব্যক দলে নিন্দা কৰে ৷কিন্তু নুপূৰ শৰ্মাই কৰা মন্তব্য সন্দৰ্ভত বিজেপিয়ে এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷

Leave A Reply

Your email address will not be published.