বিজেপি নেতাক হত্যা

Share This Article

বিজেপি নেতাক হত্যা।ঘৰত প্ৰৱেশ কৰি হত্যা বিজেপি নেতাক।নিষিদ্ধ সংগঠনৰ সদস্যৰ গুলীত প্ৰাণ গ’ল বিজেপি নেতাৰ।ক’ত সংঘটিত এই ভয়াবহ ঘটনা?ছত্তীশগড়ৰ নাৰায়ণপুৰত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা।শুকুৰবাৰে নিশা বিজেপি নেতাগৰাকীৰ বাসগৃহত দুজন ব্যক্তিয়ে প্ৰৱেশ কৰে।মৃত সাগৰ চাহুৰ ঘৰত প্ৰৱেশ কৰি ব্যক্তি দুজনে নিজকে নিষিদ্ধ সংগঠনৰ সদস্য বুলি পৰিচয় দিয়ে।সাগৰ চাহুৰ পৰিয়ালৰ সদস্যৰ মতে হত্যাকাৰী দুটা এখন মটৰ চাইকেলেৰে আহিছিল।নাৰায়ণপুৰ জিলাৰ আৰক্ষী অধীক্ষক পুষ্কৰ শৰ্মাই কয় ‘ দুজন ব্যক্তি সাগৰ চাহুৰ ঘৰলৈ আহিছিল।তেওঁলোকে মূৰত গুলীয়াই হত্যা কৰে নেতাজনক।চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।চিকিৎসালয়ত যথেষ্ট চেষ্টা কৰা হয় যদিও তেওঁক সুস্থ কৰিব পৰা নহ’ল৷আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।’সাগৰৰ পৰিয়ালৰ সদস্যৰ মতে তেওঁলৈ কেইবাবাৰো ভাবুকি আহিছিল।বিজেপি নেতাগৰাকীয়ে লোহাৰ খনি স্থাপনৰ সমৰ্থন কৰিছিল আৰু ইয়াৰ বিৰোধিতা কৰিছিল মাওবাদীয়ে।ফলস্বৰূপে মাওবাদীয়ে বিজেপি নেতা জনক গুলীয়াই হত্যা কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.