সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপিৰ লক্ষ্য উত্তৰ পূবৰ ৪ ৰাজ্য

যিকোনো প্ৰকাৰে ৯ খন ৰাজ্য লাগে বিজেপিক।২০২৩ ৰ বাবে কৰ্মপন্থা সাজু বিজেপিৰ।২০২৪ চনত দেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন।একেলেথাৰিয়ে দুটা কাৰ্যকাল বিজেপিয়ে দেশৰ ক্ষমতা লাভ কৰাৰ পিছত তৃতীয়বাৰৰ বাবেও পুনৰ ক্ষমতা দখল কৰিব বিচাৰিছে দলটোৱে।তাৰবাবে দলটোৱে সকলোধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।২০২৪ চনত ক্ষমতা দখল কৰাৰ বাবে দলটোৱে আৰম্ভ কৰিছে কুচকাৱাজ।উত্তৰ প্ৰদেশ আৰু গুজৰাটত বিপুল সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰাৰ পিছত এইবাৰ বিজেপিৰ লক্ষ্য হ’ল দেশৰ মুঠ ৮ খন ৰাজ্য।উল্লেখযোগ্য যে চলিত বৰ্ষত দেশৰ সৰু -বৰ মুঠ ৮ খন ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।উচ্চাকাংক্ষী বিজেপিক লাগে আটাইকেইখন ৰাজ্যৰ ক্ষমতা।দিল্লীত মঙলবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠক।এই বৈঠকতে দলটোৱে আগন্তুক নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিব।বিজেপিৰ ৰাজ্যিক সভাপতি জে পি নাড্ডাই দলৰ সকলো জ্যেষ্ঠ নেতাকে সংশ্লিষ্ট ৰাজ্য কেইখনৰ বিধানসভাৰ নিৰ্বাচনত বিজয় সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে।সমগ্ৰ দেশৰ প্ৰায় ৩৫০ গৰাকী জ্যেষ্ঠ নেতাই এই কাৰ্যনিৰ্বাহকত অংশ লোৱাৰ কথা।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,সকলো কেন্দ্ৰীয় মন্ত্ৰী,সকলো বিজেপি দলৰ মুখ্যমন্ত্ৰীয়ে এই কাৰ্যনিৰ্বাহকত অংশ ল’ব৷গুজৰাটৰ শেহতীয়া নিৰ্বাচনত লাভ কৰা জয়ে দলটোক আনন্দিত কৰি ৰাখিলেও দলৰ সভাপতি জে পি নাড্ডাৰ গৃহৰাজ্য হিমাচল প্ৰদেশত দলটোৱে বেয়াকৈ মুখথেকেঁচা খালে।এই সম্পৰ্কত নাড্ডাই কয় ‘ য’ত আমাৰ দল বিৰোধী তাত শাসকৰ আসনত বহিব লাগিব আৰু য’ত শাসক তাত শাসক হৈয়ে থাকিব লাগিব।”২০২৩ বৰ্ষৰ প্ৰথম ভাগত ত্ৰিপুৰা,নগালেণ্ড,মেঘালয়,কৰ্ণাটকত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ইয়াৰ ঠিক পিছতেই ৰাজস্থান,মধ্যপ্ৰদেশ,ছত্তীশগড়,মিজোৰাম আৰু তেলেংগানাত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।মঙলবাৰে নাড্ডাই তেওঁৰ ৪৫ মিনিটজোৰা ভাষণত অন্যান্য পিছপৰা জাতি,অনুসূচিত জাতি,জনজাতিৰ লোকে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰত প্ৰাধান্য পোৱাৰ বিষয়টোত অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়।
“ দলে পিছপৰা শ্ৰেণী,অনুসূচিত জাতি-জনজাতি সকলোৰে ভোট লাভ কৰিছে৷ইয়াৰ পৰা এটা কথা স্পষ্ট যে প্ৰধানমন্ত্ৰী মোডীৰ সবকা চাথ,সবকা বিকাশ নীতিয়ে সুফল লাভ কৰিছে।বৰ্তমান ভাৰত বিশ্বৰ পঞ্চম শ্ৰেষ্ঠ অৰ্থনীতিৰ দেশ,দ্বিতীয় বৃহৎ ম’বাইল প্ৰস্তুতকাৰী দেশ ,তৃতীয় বৃহৎ গাড়ী প্ৰস্তুতকাৰী দেশ হিচাপে স্বীকৃত হৈছে বুলিও উল্লেখ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে৷ নাড্ডাই ভাষণত কয় যে ইয়াৰ আগতে ৰাষ্ট্ৰীয় ঘাইপথৰ মাত্ৰ ১২কিলোমিটাৰ দৈৰ্ঘ্যৰ পথহে প্ৰতি দিনে নিৰ্মাণ হৈছিল আৰু বৰ্তমান ৩৭ কিলোমিটাৰ পথ নিৰ্মাণ হৈ আছে প্ৰতি দিনে।তদুপৰি নাড্ডাই কয় যে বিজেপিয়ে ইয়াৰ পূৰ্বৰ ৭২ হাজাৰ বুথৰ পৰিবৰ্তে ১.৩ লাখ বুথ শক্তিশালী কৰিবলৈ সক্ষম হ’ল বিগত সময়চোৱাত।

Leave A Reply

Your email address will not be published.