বিজেপিৰ গো-প্ৰেম বনাম গো-হত্যা

Share This Article

গো হত্যাক লৈ সততে সৰৱ হৈ থকা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ৰাজ্যত চলিছে অবাধ গো হত্যা।
খেতিৰ ফচল খোৱা বাবে মুুঠ ২৪ টা গৰুক ৰে’লৰ লাইনলৈ ঠেলি দিলে কৃষকে।ঠেলি দিয়া গৰুবোৰৰ ১১ টা গৰু ৰে’লৰ খুন্দাত থিতাতে নিহত হয়।এই গো- হত্যাৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ গঢ়ি তুলিছে সোঁপন্থী সংগঠনসমূহে।শনিবাৰে উত্তৰ প্ৰদেশৰ চম্বল জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ হৈছে।আৰক্ষীৰ সূত্ৰত প্ৰকাশ পোৱা অনুসৰি বাহজুই থানাৰ অন্তৰ্গত লাহৰাবন এলেকাত এই ঘটনা সংঘটিত হয়৷স্থানীয় লোকৰ ভাষ্য অনুসৰি যি সময়ত গৰুবোৰক ৰে’লৰ আগত ঠেলি দিয়া হৈছিল সেই সময়ত ডেৰাডুন এক্সপ্ৰেছ খনে তীব্ৰ গতিত সেই ঠাই অতিক্ৰম কৰিছিল।স্থানীয় লোক সকলে আৰু জনাই যে স্থানীয় কৃষকৰ ফচল নষ্ট কৰে এই গৰুবোৰে।সেয়ে খঙতে গৰুবোৰক ৰে’লৰ আগত ঠেলি দিয়ে কৃষকসকলে।অজয় প্ৰজাপতি নামৰ স্বঘোষিত গোৰক্ষক জনৰ মতে “বিগত দুটা মাহত এনেকুৱা ঘটনা এক ডজনতকৈয়ো অধিক ঘটিছে।গৰুক ৰে’ল লাইনত পেলাই হত্যা কৰা হৈছে।’গুৰুত্বপূৰ্ণ বিষয়টো হ’ল বিজেপি দলৰ গো প্ৰীতিৰ বাবেই ভেলেণ্টাইন ডে’ৰ দিনা গৰুক আলিংগন কৰাৰ আহ্বান জনাইছিল কেন্দ্ৰীয় পশু কল্যাণ পৰিষদে।কিন্তু ইয়াৰ পিছত তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত শুকুৰবাৰে এই আহ্বান উঠাই ল’বলৈ বাধ্য হয়।তাৰ মাজতে উত্তৰ প্ৰদেশত এনেদৰে ইমান গৰুক একেলগে হত্যা কৰাৰ বাতৰিয়ে হতচকিত কৰিছে গোপ্ৰেমীক।তদুপৰি গৰুক মাতৃ ৰূপে পূজা কৰা মুখ্যমন্ত্ৰী যোগীৰ ৰাজ্যত কৃষকে কেৱল ফচল খোৱাৰ বাবেই গৰুক ৰে’লৰ আগত পেলাই হত্যা কৰা বাতৰিয়ে তোলপাৰ লগাইছে উত্তৰ প্ৰদেশ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.