বিজেপিয়ে প্ৰচাৰেই চলাব নে ‘কাজিয়া’ ভাঙিব?

Share This Article

ৰাজস্থানত এইবাৰ প্ৰচলিত পৰম্পৰা ভংগ হোৱাৰ দিশে । প্ৰায় প্ৰতিটো নিৰ্বাচনতেই ৰাজস্থানত এবাৰ যদি কংগ্ৰেছ আহে,তাৰ পিছৰ বাৰ বিজেপি অহাটো পৰম্পৰাৰ দৰেই । কিন্তু এইবাৰ ৰাজ্যখনত ভাঙিব এই পৰম্পৰা। প্ৰাৰ্থিত্ব তালিকা ঘোষণা হোৱাৰ পিছতে তোলপাৰ লাগিছে ৰাজ্যখনত । কংগ্ৰেছ দলত বৰ্তমানৰ বিধায়কসকলকে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিষয়টোত গুৰুত্ব দিয়া হৈছে যদিও বিজেপিৰ ক্ষেত্ৰত কিন্তু প্ৰাৰ্থিত্ব ঘোষণা হোৱাৰ পিছতে কঁপি উঠিছে ৰাজস্থানৰ আকাশ বতাহ। প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত নেতাসকলৰ সমৰ্থকে নিজ নিজ সমৰ্থিত প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ দাবীৰে পথ বন্ধ,ক’লা পতাকা প্ৰদৰ্শন,গাড়ী ভঙা আদিৰ দৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল ৰাজস্থানৰ বিজেপি সভাপতি চি পি যোশীৰ বিৰুদ্ধেহে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বিজেপি কৰ্মীসকলে । চি পি যোশীৰ গৃহ সমষ্টি চিতোৰগড়ত বৰ্তমানৰ বিধায়ক চন্দ্ৰভান সিঙৰ পৰিবৰ্তে নৰপট সিং ৰাজপুতক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে। ইয়াকে লৈ দলৰ সভাপতি চি পি যোশীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে দলীয় নেতা কৰ্মী৷চন্দ্ৰভান সিঙৰ সমৰ্থকে চি পি যোশীৰ প্ৰতীকী শৱদাহ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে । ঠিক সেইদৰে ঝোটৱাৰা সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াৰ ঘনিষ্ঠ ৰাজপাল সিং শেখাৱটৰ পৰিবৰ্তে সাংসদ তথা মোডীৰ ঘনিষ্ঠ ৰাজ্যবৰ্ধন সিং ৰাথোড়ক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলটোৱে । ৰাজ্যবৰ্ধন সিং ৰাথোড়ৰ প্ৰাৰ্থিত্বৰ তীব্ৰ বিৰোধিতা কৰিছে সমষ্টিটোৰ জনতাই৷বিজেপিৰ সমৰ্থকে ৰাজ্যবৰ্ধন সিং ৰাথোড়ৰ পুত্তলিকা দাহ কৰি ক’লা পতাকা প্ৰদৰ্শন কৰিছে বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত  । ঠিক সেইদৰে জয়পুৰ চহৰত অশোক লাহতীৰ পৰিবৰ্তে বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ভজনলাল শৰ্মাক । ভজনলাল শৰ্মাক প্ৰাৰ্থিত্ব দিয়াৰ বাবে বিজেপি সমৰ্থকে আনকি তেওঁৰ গাড়ীৰ ওপৰতো আক্ৰমণ চলায় । আনহাতে ,ৰাজস্থানৰ চাঞ্চোৰ সমষ্টিৰ পৰা দেৱজিত পেটেলৰ পৰিবৰ্তে জীৱৰাম চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাটোৱেও সৃষ্টি কৰিছে ব্যাপক অসন্তুষ্টিৰ । বিজেপিৰ এসময়ত চিনমোকাম নথকা কিষানগঞ্জ সমষ্টিৰ পৰা বিজেপি দলে প্ৰাৰ্থিত্ব দিছে ভাগীৰথ চৌধুৰীক। কিষানগঞ্জ সমষ্টিৰ পৰা দলটোৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী আছিল বিকাশ চৌধুৰী । প্ৰাৰ্থিত্ব নাপায় কিষানগঞ্জ এলেকাত বিজেপিক তৃৃণমূল পৰ্যায়ত শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বিকাশ চৌধুৰীয়ে বিজেপি নেতৃত্বই ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব প্ৰদানৰ অভিযোগ তোলে ।বিজেপিৰ এই প্ৰতিবাদী কাৰ্যকলাপৰ সুযোগ গ্ৰহণ কৰিছে কংগ্ৰেছ দলে ।কংগ্ৰেছ দলত বৰ্তমানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু প্ৰাক্তন উপমুখ্যমন্ত্ৰী শচীন পাইলটৰ মাজত মতবিৰোধ আছিল যদিও সেয়া ইতিমধ্যে অন্ত পৰিছে । তদুপৰি ৰাজস্থান চৰকাৰে গ্ৰহণ কৰা পুৰণি পেঞ্চন নীতি,৫০০ টকাত চিলিণ্ডাৰ আদিয়েও কংগ্ৰেছৰ প্ৰতি সমৰ্থন বৃদ্ধি হে কৰিছে জনতাৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.