বায়ুসেনাত ৰাফেলৰ অন্তৰ্ভুক্ত কৰা সম্পৰ্কে কি কলে মহেন্দ্ৰ সিং ধোনীয়ে!

Share This Article

ভাৰতীয় বায়ুসেনাই শেহতীয়াকৈ অন্তৰ্ভুক্ত কৰা ৰাফেল যুঁজাৰু বিমান সম্পৰ্কে মত পোষণ কৰিছে ভাৰতীয় সেনাৰ লেফ্টেনেণ্ট কল’নেল হিচাপে সন্মানিত তথা জনপ্ৰিয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিঙ ধোনীয়ে।ৰাফেল যুদ্ধ জাহাজ ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত কৰাক লৈ মন্তব্য দি মহেন্দ্ৰ সিঙ ধোনীয়ে কয় যে বিশ্বৰ শ্ৰেষ্ঠ যুঁজাৰু বিমান কেইখনে আজি বিশ্বৰ শ্ৰেষ্ঠ যুঁজাৰু পাইলত লাভ কৰিছে।ভাৰতীয় বায়ুসেনাৰ পাইলত আৰু অন্যান্য যুঁজাৰু বিমান সমূহৰ সৈতে ৰাফেল অনন্য মাত্ৰা লাভ কৰিব বুলিও মত পোষণ কৰে ভাৰতীয় ক্ৰিকেটৰ হাৰ্ট থ্ৰ’ব জনে।

উল্লেখযোগ্য যে ভাৰত আৰু চীনৰ মাজত চলি থকা সীমা বিবাদৰ মাজতে আজি ৫ খন ৰাফেল যুদ্ধ জাহাজ আম্বালা এয়াৰবেছত আনুষ্ঠানিকভাৱে বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হ’ল। ৰাফেলক আনুষ্ঠানিক ভাৱে বায়ুসেনাত অন্তৰ্ভুক্ত কৰাৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্লোৰেন্স পাৰ্লি, চিডিএছ বিপিন ৰাওত, বায়ু সেনাৰ সেনাধ্যক্ষ আৰকেএছ ভদৌৰিয়কে ধৰি আন কিছু গুৰুত্বপূৰ্ণ ব্যক্তি।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.