‘বাল্যবিবাহৰ ভুক্তভোগীক দিয়ক সংস্থাপন’

Share This Article

অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনালেও কৈলাস সত্যাৰ্থী চিলড্ৰেন ফাউণ্ডেচনে অসম চৰকাৰক জনাইছে এক বিশেষ অনুৰোধ।উল্লেখ্য যে এতিয়ালৈকে অসমত বাল্য বিবাহৰ লগত জড়িত মুঠ ২,৫২৮ টা গ্ৰেপ্তাৰৰ ঘটনা সংঘটিত হৈছে৷ইতিমধ্যে মুঠ ৪,০৭৪ টা গোচৰ পঞ্জীয়ন হৈছে।গ্ৰেপ্তাৰ হোৱা সকলৰ ৬৫ জনে ইতিমধ্যে জামিন লাভ কৰিছে।কৈলাস চৈতাৰ্থী চিলড্ৰেন ফাউণ্ডেচনৰ প্ৰবন্ধক ৰাহুল কুমাৰ শ্ৰাৱতে কয় ‘ আমাৰ সংস্থাই অসম চৰকাৰৰ এই ভূমিকাক প্ৰশংসা কৰিছে।প্ৰথমবাৰৰ বাবে দেশৰ এখন ৰাজ্যই বাল্যবিবাহ বন্ধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷কিন্তু একেটা সময়তে আমি ৰাজ্য চৰকাৰক মানৱীয় দৃষ্টিভংগীৰ পৰাও বিষয়টো বিবেচনা কৰিবলৈ আহ্বান জনাইছোঁ৷যিহেতু কম বয়সীয়া যুৱতী সকল বাল্যবিবাহৰ চিকাৰ হৈছে,চৰকাৰে আমাৰ অনুৰোধটো ৰক্ষা কৰা উচিত ।এই কম বয়সীয়া যুৱতীসকলৰ সংস্থাপন আৰু ক্ষতিপূৰণ আমি দাবী কৰিছোঁ।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.