Investigative reporting with dedication.

বাল্যবিবাহৰ গোচৰত ১০ টা গোচৰৰ অভিযুক্তৰ জামিন মঞ্জুৰ ধুবুৰী আদালতৰ।প্ৰথম বাৰৰ বাবে ধুবুৰী আদালতে জামিন মঞ্জুৰ কৰে ১০ টা গোচৰৰ।ধুবুৰী আদালতত মঙলবাৰে মুঠ ১৩ টা বাল্য বিবাহৰ গোচৰৰ অভিযুক্তৰ বাবে আবেদন জনোৱা হৈছিল।ইয়াৰে ১০ টা গোচৰৰ অভিযুক্তৰ জামিন মঞ্জুৰ কৰে।ন্যায়াধীশ পি কাকতিৰ আদালতে মঞ্জুৰ কৰে জামিন।তিনি টা গোচৰৰ অভিযুক্তৰ জামিন বাতিল কৰে।জামিন লাভ কৰা সকলৰ ভিতৰত আছে স্বামী আৰু অভিভাৱক ।জামিন লাভ কৰা মুঠ অভিযুক্তৰ সংখ্যা এতিয়ালৈকে জানিব পৰা হোৱা নাই।জামিন লাভ নকৰা গোচৰ তিনিটাত আছে কাজি।অভিযুক্তৰ হৈ জামিন আবেদন কৰিছিল অধিবক্তা জমছেৰ তালুকদাৰ আৰু আব্দুছ ছামাদ মিঞাই।




