বাজেটে ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ ইংগিত দিলে নেকি ?

Share This Article

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে মঙলবাৰে উত্থাপণ কৰা বাজেটক লৈ এতিয়া উত্থাপণ হৈছে অনেক প্ৰশ্ন ৷এটা কথা সঠিক যে এইবাৰৰ বাজেটে কৃষক – শ্ৰমিক – মধ্যবিত্ত সকলোকে হতাশ কৰিছে ৷ ভাল খবৰ আছে যদি কেৱল পুজিপতিসকলৰ বাবে ৷ কিন্তু প্ৰশ্ন হৈছে সন্মুখত পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন আছে ৷ তাৰ পাছতো বাজেটত কিয় মনমোহিনী কোনো ঘোষণা নাই ? নে বাজেটতে ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰো ইংগিত আছে ? দিল্লীৰ ক্ষমতাৰ অলিন্দত এতিয়া এই প্ৰশ্নই সৰ্নাধিক চৰ্চিত হৈছে ৷ ৰাজনৈতিক মহলত হোৱা চৰ্চা অনুসৰি গোৱা , উত্তৰাখণ্ড আৰু পঞ্জাৱত চৰকাৰ গঠনত ব্যৰ্থ হ’ব বিজেপি ৷ সেইবাবেই নতুন ঘোষণাৰে ৰাজকোষত অধিক চাপ দিব বিচৰা নাই বিজেপিয়ে ৷ এইখিনিলৈ সকলো ঠিকেই আছিল ৷ কিন্তু উত্তৰ প্ৰদেশক লৈ কিয় কোনো বিশেষ ঘোষণা নাই , তাক লৈ আচৰিত সকলো ৷ দেশৰ বৃহত্তম ৰাজ্য উত্তৰ প্ৰদেশত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি সকলো সমীক্ষাই ইংগিত প্ৰদান কৰিছে ৷ এই সম্ভাৱনাক নিশ্চিত ফলাফললৈ ৰূপান্তৰ কৰিবৰ বাবে নিশ্চয় বাজেটত একগুচ্ছ উপহাৰ উত্তৰ প্ৰদেশৰ বাবে ঘোষনা কৰিব লাগিছিল বিজেপি চৰকাৰে ৷ কিন্তু কিয় তেনে কৰা নহ’ল ? বাজেটত উত্তৰ প্ৰদেশৰ বাবে বিশেষ একো উপহাৰ নথকাত যিমান হতাশ হ’ব উত্তৰ প্ৰদেশৰ ভোটাৰ , তাতকৈ অধিক হতাশাত নিশ্চয় ভুগিব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৷ কাৰণ , উত্তৰ প্ৰদেশৰ পৰিস্থিতি এতিয়া বিজেপিৰ হাতৰ পৰা ওলাই যোৱাৰ উপক্ৰম হৈছে ৷ ৰেলৱেৰ নিযুক্তি পৰীক্ষাক লৈ আৰম্ভ হৈছে ছাত্ৰ বিক্ষোভ ৷ কৃষক বিদ্ৰোহে জাট , দলিতক কৃষকৰ ৰূপত একত্ৰিত কৰি বিজেপি বিৰোধী স্থিতিত উপনীত কৰাইছে ৷ এনে পৰিস্থিতিত বাজেটত জনমুখী উপহাৰ সন্নিবিষ্ট কৰিলে বিজেপিয়ে তাৰ জোৰদাৰ প্ৰচাৰ চলাব পাৰিলেহেতেন ৷ কিন্তু যোগী আদিত্যনাথৰ সেই আশাত চেঁচাপানী ঢালিলে নিৰ্মলা সীতাৰমনৰ বাজেটে ৷ প্ৰশ্ন হৈছে – এয়া মোদীৰ ইচ্ছাকৃত সিদ্ধান্ত নহয়তো ? যোগী বীৰ বিক্ৰমেৰে আকৌ এবাৰ শাসনলৈ অহাটো বিচৰা নাই নেকি নৰেন্দ্ৰ মোদী – অমিত শ্বাহে ? কাৰণ , যোগী আদিত্যনাথ দ্বিতীয়বাৰ বিজেপিৰ মুখ্যমন্ত্ৰী হ’লে বিজেপিৰ ভিতৰত আৰু হিন্দুত্ববাদী মহলত সৰ্বাধিক জনপ্ৰিয় নেতাত পৰিণত হ’ব ৷ আৰু যোগী পৰাজিত হ’লে মোদীয়েই হৈ ৰ’ব সৰ্বাধিনায়ক ৷ সেইবাবেই উত্তৰ প্ৰদেশৰ প্ৰতি আওকনীয়া মনোভাৱ বাজেটত স্পষ্ট হৈ পৰিছে নেকি ? ৰাজনৈতিক মহলৰ মতে এনে প্ৰৱনতা বিজেপিত আগতে দেখা নগৈছিল ৷ কিন্তু যোগীৰ অভূতপূৰ্ব উত্থানে মোদীৰ সন্মুখত কিছু হ’লেও প্ৰত্যাহ্বানৰ সৃষ্টি কৰাটো মুঠেই মিছা কথা নহয় ৷ সেইবাবেই আদিত্যনাথৰ প্ৰত্যাৱৰ্তনত হেঙাৰ হৈ থিয় দিছে নেকি কেন্দ্ৰীয় চৰকাৰ ? বাজেটত তাৰেই প্ৰতিফলন ঘটিছে নেকি ? এই প্ৰশ্নৰ সঠিক উত্তৰ বিচাৰি সকলোতে চলিছে ব্যাপক চৰ্চা ৷ ৰাজনীতিৰ এনে জটিল অংকৰ সকলো হিচাপ অহা ১০ মাৰ্চৰ ভোটগণনাৰ দিনটোত স্পষ্ট হৈ পৰিব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.