বলেৰে নোৱাৰি চলেৰে ক্ষমতা লোৱাৰ আঁচনি বিজেপিৰ

Share This Article

তামিলনাডুত হিন্দী কোৱাৰ বাবে বিহাৰীক মৰা কথাটো কিমান সঁচা?তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই বাতৰিক বিভ্ৰান্তিকৰ আৰু উৰাবাতৰি আখ্যা দিছে।ষ্টেলিনৰ মতে তেওঁৰ চৰকাৰৰ বিৰুদ্ধে এয়া বিজেপিৰ ষড়যন্ত্ৰ।
তামিলনাডুত বিহাৰী শ্ৰমিকক আক্ৰমণৰ ভিডিঅ’ আপলোড কৰি বিজেপিয়ে তেওঁৰ চৰকাৰক অপবাদ দিয়াৰ পৰিকল্পনা কৰাৰ বিষয়টোক তীব্ৰ গৰিহণা দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।অলপতে ৰাজ্যখনৰ বিৰোধী দলবোৰৰ লগত মুখ্যমন্ত্ৰীগৰাকী বৈঠকত বহিছিল আৰু বৈঠকত ২০২৪ চনত বিজেপিৰ বিৰুদ্ধে সকলো দলক ঐক্যবদ্ধ হৈ যুঁজ দিবলৈ তেওঁ আহ্বান জনাইছিল।ইয়াৰ ঠিক পিচদিনাই তামিলনাডুত হিন্দীভাষীৰ ওপৰত অত্যাচাৰ চলোৱাৰ ভিডিঅ’ ভাইৰেল হৈছিল!এই ভিডিঅ সামাজিক মাধ্যমত বহুল প্ৰচাৰত ৰহস্যৰ গোন্ধ পাইছে বিৰোধী দলবোৰেয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.