Investigative reporting with dedication.

উচ্চতম ন্যায়ালয়ত সমলিংগৰ বিবাহ সম্পৰ্কত সোমবাৰে শুনানি হোৱাৰ কথা।২০১৮ চনৰ পৰাই হোমোছেক্সচুৱেলটিক অপৰাধ হিচাপে গণ্য কৰা হোৱা নাছিল।কিন্তু সমলিংগৰ বিবাহক ভাৰতীয় আইনে গ্ৰহণীয় বুলি ৰায় দিয়া নাছিল।তদুপৰি ভাৰত চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টিয়ে এই সমলিংগৰ বিবাহৰ বিৰোধিতা কৰি আহিছে৷ভাৰতীয় পৰম্পৰাত এই কালিমা সানিব বুলি উল্লেখ কৰিছে কেন্দ্ৰই।বিগত ৬ জানুৱাৰীত দেশৰ বিভিন্ন প্ৰান্তত সমলিংগৰ বিবাহৰ বিৰোধিতাৰে দাখিল কৰা শুনানিবোৰ উচ্চতম ন্যায়ালয়লৰ অধীনলৈ অনা হয়।সমলিংগৰ বিবাহৰ বিৰোধিতা কৰা সকলে হিন্দু বিবাহ আইন,বিশেষ বিবাহ আইন আৰু বিদেশী বিবাহ আইনৰ সহায় লৈ ন্যায়ালয়ত আৱেদন দাখিল কৰিছে।


