ফেচবুকে নিষিদ্ধ কৰিব নেকি শিলাদিত্যক?

Share This Article

বিজেপি নেতাৰ সাম্প্ৰদায়িক প্ৰৰোচনা মূলক বক্তব্যক ফেচবুকৰ কৰ্মচাৰীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ খবৰে দেশৰ ৰাজনীতিত খলকনি সৃষ্টি কৰাৰ পিছত আজি ফেচবুকে নিষিদ্ধ কৰিলে বিজেপি বিধায়ক টি ৰাজা সিঙক। উল্লেখযোগ্য যে টি ৰাজা সিঙৰ সাম্প্ৰদায়িক বিষ বাষ্প বিয়পুৱা মন্তব্য ফেচবুকৰ একাংশ উচ্চ পৰ্যায়ৰ কৰ্মচাৰীয়ে আওকাণ কৰাৰ অভিযোগ WSJ নামৰ বাতৰি কাকতখনৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছিল।

ইয়াৰ পিছতে ফেচবুকক জবাবদিহি কৰিছিল ভাৰতৰ সাংসদৰ কমিটি ফৰ আই টিয়ে। গতিকে ফেচবুক বিজেপিৰ সম্পর্কই ৰাজনৈতিক ধুমুহাৰ শৃশতি কৰাৰ পিছতে আজি ফেচবুকে টি ৰাজা সিঙক ফেচবুকত নিষিদ্ধ ঘোষণা কৰে। ইয়াৰ লগে লগে চৰ্চালৈ আহিছে অসমৰ বিধায়ক শিলাদিত্য দেৱৰ প্ৰসংগও। কিয়নো শিলাদিত্য দেৱে ফেচবুকত কৰা সাম্প্ৰদায়িক মন্তব্যই প্লেটফৰ্মতোৰ ঘৃণা বিয়পুৱা মন্তব্যৰ বিৰুদ্ধে থকা নিয়ম উলংঘা কৰিছিল। কিন্ত ব্যৱসায়িক লাভা লাভ বিঘ্নিত হোৱাৰ আশংকাত আন বিজেপি নেতাৰ দৰে শিলাদিত্যয়ো লাভ কৰিছিল ফেচবুকৰ উচ্চ পৰ্যায়ৰ কৰ্মচাৰীৰ পৰা ৰক্ষনাবেক্ষণ।

গতিকে এতিয়া সততে প্ৰশ্ন উত্থাপন হয় টি ৰাজা সিঙৰ দৰে শিলাদিত্যকো অতি শীঘ্ৰেই নিষিদ্ধ ঘোষণা কৰিব নেকি ফেচবুকে!

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.