ফেচবুকত আছেনে ,ৰ’ব ! মুখ্যমন্ত্ৰীয়ে ক’ব, আপুনি কি লিখিব !

Share This Article

বহুল প্ৰচলিত সামাজিক মাধ্যম !ফেচবুকক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাৰ মতে কোনোবা এজন বিষয়াই যদি কোনো এগৰাকী কৰ্মচাৰীক দেউতাকৰ নাম সোধে তেন্তে তেওঁ লগে লগে ফেচবুকত আপডেট দিয়ে মই গোৰ্খা কাৰণেহে মোক নাম সুধিলে,আৰে অলপ সময় ৰৈ চাওকচোন কিজানিবা আন কেইজনকো সুধিছে।অংকৰ শিক্ষকে অংক নোৱাৰাৰ কাৰণে অসমীয়া জনক যেনেকৈ দুই ছাত দিব তেনেকৈ নেপালী,বড়ো সকলো ছাত্ৰকে পিতিব !বসুন্ধৰাত সকলোৱে আবেদন কৰিছে,সকলোৰে কামবোৰ হৈ আছে।জাতিভেদ লৈতো কামবোৰ নোহোৱাকৈ থকা নাই।কিন্তু ফেচবুকত আপডেটটো সকলো সময়তে সকলো কথাতে কিয় দিব লগা হয় বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই।সামাজিক মাধ্যমৰ জৰিয়তে এক জনপ্ৰিয়তাৰ ঢৌৰ সৃষ্টি কৰিয়েই বিজেপি ক্ষমতালৈ আহিছিল কেন্দ্ৰত।কিন্তু বৰ্তমান কেন্দ্ৰ চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰো ভীষণ ভয় সামাজিক মাধ্যমলৈ।সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ সমালোচনাই কেইবাবাৰো অস্বস্তিত পেলাইছে অসম চৰকাৰ তথা নেতৃত্বত থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক।ডিজিটেল প্লেটফৰ্মে প্ৰায়ে মুখা খুলি শ’লঠেকত পেলাই আহিছে চৰকাৰখনক।প্ৰিণ্ট অথবা ইলেক্ট্ৰনিক মেডিয়াই বিভিন্ন বিষয়ত চৰকাৰৰ হঠকাৰী সিদ্ধান্ত,চৰকাৰৰ বিভিন্ন কাম কাজ আদিক কিছু বাধ্যবাধকতাৰ বাবে এৰাই চলা দেখা যায় যদিও কিন্তু এই ক্ষেত্ৰত বিভিন্ন ডিজিটেল প্লেটফৰ্মে মুখা খুলি দিয়াত আগভাগ লৈ আহিছে। PPE কিট কেলেংকাৰী ফাদিল কৰিছিল এক পৰ্টেলেই ।মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত থকা ভূমি কেলেংকাৰীৰ তথ্যও প্ৰকাশ কৰিছিল একেটা মাধ্যমেই।ছুপাৰমাৰ্কেটৰ ফ্লাই অভাৰ কেলেংকাৰীৰ তথ্যও আছিল একেটা পৰ্টেলৰে।নিকা আৰু স্বচ্ছ বুলি দাবী কৰি অহা চৰকাৰখনৰ নিকা মুখৰ আঁৰত থকা দুৰ্নীতিৰ পোহাৰে সচেতন লোকক চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ সুযোগ দি আহিছে সামাজিক মাধ্যমৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰা ডিজিটেল প্লেটফৰ্মবোৰে।সামাজিক মাধ্যমৰ সহায়ত জনপ্ৰিয় হোৱা এই পৰ্টেলবোৰকো নাকী লগাব লৈ চেষ্টা কৰে চৰকাৰে।তদুপৰি চৰকাৰ বিৰোধী বা চৰকাৰক সমালোচনা কৰি দিয়া প’ষ্টৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখে চৰকাৰে।সামাজিক মাধ্যমত আপডেট দি ইতিমধ্যে বহু লোক গ্ৰেপ্তাৰ হৈ জে’লতো থাকিবলগীয়া হৈছে।প্ৰায়ে ফেচবুকৰ বাবে অস্বস্তিত পৰা চৰকাৰৰ মূৰব্বী ড° হিমন্ত বিশ্ব শৰ্মাই ফেচবুক সকলো যত কূটৰ ঘাই বুলি মন্তব্য কৰিবলগীয়া হোৱাটোত আচৰিত হ’বলগীয়া নাই।মুখ্যমন্ত্ৰী তথা চৰকাৰৰ সকলো কথা জলজলপটপটকৈ উদঙাই দিয়াটো চৰকাৰৰ বাবে মূৰৰ কামোৰণি ,সেয়ে ফেচবুক মুখ্যমন্ত্ৰীৰ বাবে যত কূটৰ ঘাইয়েই হয় !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.