ফাটিল প্ৰধানমন্ত্ৰী মোডীৰ ফটাঢোল !

Share This Article

ৰাজস্থানত বিজেপিয়ে চৰকাৰ গঠন কৰা মাত্ৰ এটা সপ্তাহ পাৰ হৈছেহে,এই এটা সপ্তাহতেই প্ৰকৃত স্বৰূপ ওলাল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰো। দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচনত শাসক দল বিজেপিয়ে হিন্দী বলয়ৰ ৰাজ্য ক্ৰমে ৰাজস্থান,মধ্যপ্ৰদেশ,ছত্তীশগড়ত বিপুল ভোটেৰে জয়লাভ কৰিবলৈ সক্ষম হ’ল৷ৰাজস্থান আৰু ছত্তীশগড়ত শাসনত থকা কংগ্ৰেছক আঁতৰাই বিজেপিয়ে ক্ষমতা দখল কৰাৰ বিপৰীতে মধ্যপ্ৰদেশত বিজেপিয়ে চতুৰ্থবাৰৰ বাবে ক্ষমতা দখল কৰিবলৈ সক্ষম হ’ল।নিৰ্বাচনী প্ৰচাৰৰ সময়ত  বিৰোধী দল কংগ্ৰেছে জনতাক দিছিল বিভিন্ন প্ৰতিশ্ৰুতি । কংগ্ৰেছতকৈ হাজাৰগুণ বেছি প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে৷মুঠতে প্ৰতিশ্ৰুতি প্ৰদানৰ ক্ষেত্ৰত বিজেপি দল আছিল এখোপ চৰা।ভুৱা প্ৰতিশ্ৰুতি দি ক্ষমতালৈ আহিল বিজেপি ,আহিলো আহিল একেবাৰে একক সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ আহিল ৰাজস্থানত প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ৰাজ্যখনত ৫০০ টকাত চিলিণ্ডাৰ দিছিল জনতাক।ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰেই দেশৰ আন প্ৰান্তত চিলিণ্ডাৰৰ মূল্য ১১০০ ৰ পৰা ১১৫০ টকা থকা সময়তো কিন্তু ৫০০ টকা মূল্যত চিলিণ্ডাৰ দি আছিল। গেহলট চৰকাৰৰ জনকল্যাণকামী আঁচনিৰ ভিতৰত কম মূল্যত চিলিণ্ডাৰ প্ৰদান,চিৰঞ্জীৱি স্বাস্থ্য যোজনা,কামধেনু যোজনা আদি আছিল অন্যতম।ৰাজস্থানত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ এখনে ৫০০ টকাত চিলিণ্ডাৰ দিয়া বিষয়টো কোনো পধ্যেই মানি ল’ব পৰা নাছিল বিজেপি নেতৃত্বই সেয়ে এই ইছ্যুটোকেই মূল বিষয় হিচাপে লৈ প্ৰধানমন্ত্ৰী মোডী,গৃহমন্ত্ৰী অমিত শ্বাহ আনকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বিজেপি চৰকাৰ ক্ষমতালৈ আহিলে চিলিণ্ডাৰ কম মূল্যত দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।একো আগগুৰি নোচোৱাকৈ প্ৰতিশ্ৰুতি দিয়াটো বিজেপি নেতৃত্বৰ এক স্বভাৱ। ইয়াৰ আগতেও স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৬ চনৰ ১৬ মে’ত বিদেশীয়ে টালিটোপোলা বান্ধি অসম এৰিব লাগিব বুলি ঘোষণা কৰিছিল৷কিন্তু ইতিমধ্যে ৭ টা বৰ্ষৰ ১৬ মে’ পাৰ হ’ল কিন্তু অসমৰ পৰা এগৰাকীও বিদেশী নাগৰিক বিতাড়িত নহ’ল।বুধবাৰে ৰাজ্যসভাত জাভেদ আলী খান নামৰ উত্তৰ প্ৰদেশৰ সাংসদগৰাকীয়ে কৰা এক প্ৰশ্নৰ উত্তৰত ৰাজ্যিক পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উদঙালে বিজেপিৰ মিথ্যাচাৰ৷ৰাজস্থানত ৪৫০ টকাত চিলিণ্ডাৰ দিয়াৰ কোনো সিন্ধান্তটো নায়েই আৰু তেনে কোনো প্ৰস্তাৱো লোৱাৰ পৰিকল্পনা নাই বুলি স্পষ্ট কৰি দিয়ে৷আলীয়ে সেই একেটা সময়তে উত্তৰ প্ৰদেশতো চিলিণ্ডাৰৰ মূল্য হ্ৰাসৰ কিবা পৰিকল্পনা আছে নেকি বুলি প্ৰশ্ন কৰে।কেন্দ্ৰীয় পেট্ৰলিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আগন্তুক দিনত তেনে কোনো পৰিকল্পনা নাই বুলি জনাই কয় যে চৰকাৰে তেনে কোনো সিদ্ধান্তৰ কথা ঘোষণাও কৰা নাই৷গতিকে চিলিণ্ডাৰ ৪৫০ টকাত দিয়াটো অবান্তৰ । তেলীৰ এই ঘোষণাৰ লগে লগেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি প্ৰায়সকল বিজেপি নেতাৰেই প্ৰকৃত স্বৰূপ ওলাই পৰিল৷কেৱল ভোটৰ আশাত জনতাক ভুৱা প্ৰতিশ্ৰুতি দি গিনিপিগ সজাই ভোট লোৱা বিজেপিয়ে কেৱল ভোটৰ আশাতেই যে ভ্ৰম বকিছিল সেইটো স্পষ্ট হৈ পৰিল৷বছৰি ২ কোটি নিবনুৱাক কৰ্ম সংস্থাপন দিয়া,বিদেশৰ পৰা ক’লা ধন ঘূৰাই আনি প্ৰতিগৰাকী ভাৰতীয়ৰ একাউণ্টত ১৫ লাখ টকাকৈ জমা দিয়া,সকলো ভাৰতীয়ক ২0২২চনৰ ভিতৰত এটাকৈ ঘৰ দিয়া,কৃষকৰ উপাৰ্জন বৃদ্ধি কৰা আদি ঘোষণাবোৰ ফুটুকাৰ ফেন হ’ল ! স্বয়ং প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰায়বোৰ সভাই সমিতিয়ে মোডীৰ প্ৰতিশ্ৰুতিয়েই গেৰাণ্টী বুলি ঘোষণা কৰাৰ পিছতো সেইবোৰ ভুৱা হিচাপে পৰিগণিত হ’ল৷গতিকে অসমৰ মুখ্যমন্ত্ৰী হিমন্তই ছত্তীশগড়,তেলেংগানাত বিনামূলীয়া চিলিণ্ডাৰ দিব বুলি ঘোষণা কৰাটো কিিমান গুৰুত্বপূৰ্ণ আছিল সেয়া কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ অসহায় স্বীকাৰোক্তিৰ পৰাই অনুমান কৰিব পাৰি।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.