ফাইনেন্স কোম্পানীৰ নামত সন্ত্ৰাস

Share This Article

ডবকাৰ ৰাজপথত ফাইনেন্স কোম্পানীৰ ৰিকভাৰী এজেন্টৰ নামত ‘ডন’ কোম্পানীৰ ধন দাবী ৰাজপথত সন্ত্ৰাস ।বিলাসী গাড়ী লৈ নিজকে ফাইনেন্স কোম্পানীৰ ৰিকভাৰী এজেন্ট বুলি পৰিচয় দিয়া চাৰি পাঁচজনীয়া এটা দলে বিগত প্ৰায় তিনিদিন ধৰি ডবকাৰ ৰাজপথত সংন্ত্ৰাস চলাই গৈছে। ৰাজপথতে গাড়ী ৰখাই সাধাৰণ ৰাইজৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উঠিছে দলটোৰ বিৰুদ্ধে ।যোৱা তিনিদিন ধৰি দলটোৱে হালধিআটী , পাৰখোৱা অঞ্চল পথত ডাম্পাৰ ৰখাই মালিকপক্ষৰ পৰা কৌশলেৰে ১০ ৰ পৰা ১৫ হাজাৰ টকালৈকে সংগ্ৰহ কৰি গৈছে।ধন দাবী কৰোতে একাংশ লোকে তেওঁলোকৰ পৰিচয় পত্ৰ বিচৰাত বাকবিকণ্ডাত লিপ্ত হয় স্থানীয় লোকৰ লগত ।খবৰ পাই ঘটনাস্থলীত সাংবাদিক উপস্থিত হোৱাত সাংবাদিকৰ কেমেৰা দেখি তৰানৰা ছিঙি নিজৰ, XUV বাহন লৈ পলায়ন কৰে দলটোৱে। নগাঁৱৰ জনৈক “ডন” নামৰ লোকজনৰ নেতৃত্বত অহা দলটোৱে এনেদৰে বাহনৰ পৰা ধন লুট কৰা বুলি জানিব পৰা গৈছে ।একাংশ ভুক্তভোগীয়ে ইতিমধ্যে হালধীআটী পহৰা চকীত দলটোৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।ঘটনা সন্দৰ্ভত আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত । দলটোৱে সঁচাকৈয়ে ফাইনেন্স কোম্পানীৰ ৰিকভাৰী এজেন্ট নে প্ৰৱঞ্চকৰ দল তাকে লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে ৰাজপথত প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শন কৰি এনেদৰে গুণ্ডাগিৰিৰ আশ্ৰয় লোৱা দলটোৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.