পৰীক্ষাত অনুত্তীৰ্ণ,জ্বলাই দিলে অধ্যক্ষাক

পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবে জ্বলাই দিলে কলেজৰ অধ্যক্ষাক।ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশৰ ইন্দোৰত।ইন্দোৰ বি এম ফাৰ্মাচী কলেজৰ ঘটনা এয়া৷বি এম ফাৰ্মাচী কলেজৰ অধ্যক্ষা বিমুক্তা শৰ্মাক জ্বলাই দিলে তেওঁৰে এগৰাকী প্ৰাক্তন ছাত্ৰই।২৪ বছৰীয়া আশুতোষ শ্ৰীবাস্তৱ নামৰ ছাত্ৰজনে সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড।তেওঁ সপ্তম ষাণ্মাসিকত অনুত্তীৰ্ণ হৈছিল যাৰ বাবে তেওঁ চূড়ান্ত বৰ্ষৰ চাৰ্টিফিকেট লাভ কৰা নাছিল।ইতিমধ্যে ৫৪ বছৰীয়া অধ্যক্ষগৰাকীয়ে শনিবাৰে পুৱা চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয়।আৰক্ষী অধীক্ষক ভাগৱত সিং বীৰ্দেই কয় ‘ অভিযুক্ত আশুতোষ শ্ৰীবাস্তৱ সপ্তম ষান্মাষিকৰ পৰীক্ষাত অনুত্তীৰ্ণ হৈছিল। তাৰেই প্ৰতিশোধ ল’বলৈ সুযোগ বিচাৰি আছিল ছাত্ৰজনে।অধ্যক্ষা গৰাকীয়ে চিকিৎসাৰ সময়তে মৃত্যুক সাৱটি লয় ৷আমি ইতিমধ্যে অভিযুক্ত জনক গ্ৰেপ্তাৰ কৰিছোঁ।’অধীক্ষকগৰাকীয়ে লগতে কয় ‘ তদন্তৰ সময়ত ,আমি তেওঁৰ বিৰুদ্ধে দুই তিনিটা অভিযোগ পাইছোঁ।তেওঁৰ শিক্ষানুষ্ঠানৰ পৰাই এই অভিযোগবোৰ পোৱা গৈছে।অধ্যক্ষাগৰাকী আৰু তেওঁৰ ষ্টাফৰ আন সদস্য সকলে জনোৱা মতে সি বহুতবাৰ নিজকে নিঃশেষ কৰাৰ ভাবুকি দিছিল।অধ্যক্ষাগৰাকীক চোকা অস্ত্ৰৰে প্ৰথমে আক্ৰমণ কৰি পিছত পেট্ৰল ঢালি জ্বলাই দিছিল ছাত্ৰজনে।’বীৰ্দেই কয় ‘ অধ্যক্ষা শৰ্মাক তেওঁ গাড়ীত উঠিবলৈ লোৱাৰ সময়ত আক্ৰমণ কৰা হৈছিল৷গাত পেট্ৰল ঢালি জুই জ্বলাই দিয়া হৈছিল।আন কিছুসংখ্যক ৰাস্তাৰে গৈ থকা মানুহে তেওঁক তেনে অৱস্থাত দেখা পায় আৰক্ষীক খবৰ দিয়ে।’শ্ৰীবাস্তৱে জনোৱা অনুসৰি ২০২২ চনৰ জুলাইতে তেওঁ বি ফাৰ্মৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।কিন্তু বহুতবাৰ অনুৰোধ কৰাৰ পিছতো তেওঁক কৰ্তৃপক্ষই মাৰ্কশ্বিটখন দিয়া নাছিল।অৱশ্যে কলেজ কৰ্তৃপক্ষই জনোৱা মতে শ্ৰীবাস্তৱৰ মনত এক অপৰাধীৰ মানসিকতা আগৰে পৰাই আছিল৷তেওঁক বাৰে বাৰে মাৰ্কশ্বিট নিবলৈ কোৱাৰ পিছতো তেওঁ অহা নাছিল।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296