পৰিবৰ্তনৰ বাবে কংগ্ৰেছে জনাইছে এক আহ্বান ,কি এই আহ্বান?

Share This Article

১৩৮ বছৰ পুৰণি দল কংগ্ৰেছে আৰম্ভ কৰিব ক্ৰাউদ ফাণ্ডিং।অহা ১৮ ডিচেম্বৰত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেই এই ক্ৰাউদ ফাণ্ডিং কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব।দলটোৱে উত্থাপন কৰা ইছ্যুবোৰৰ লগত একাত্ম হ’ব বিচৰা বা সমৰ্থন থকা লোকসকলে এই সাহাৰ্য আগবঢ়াব পাৰিব৷ন্যুনতম ১৩৮ টকাৰ পৰা এই সাহাৰ্য দিব পাৰিব ।কিন্তু এতিয়া প্ৰশ্ন উঠিছে সঁচাকৈয়ে কংগ্ৰেছ আৰ্থিক সংকটত পৰিছে নেকি?হয়,কংগ্ৰেছ আৰ্থিক সংকটত পৰিছে।১৩৮ বছৰ পুৰণি দলটো বিগত ১০ বছৰ ক্ষমতাত নাই।তদুপৰি দেশৰ মাত্ৰ কেইখনমান ৰাজ্যতহে শাসনতহে আছে কংগ্ৰেছ দল।কিন্তু একেটা সময়তে দেশৰ প্ৰায় সকলো ৰাজ্যতে আছে কংগ্ৰেছ কৰ্মী৷দলৰ সভা সমিতি অনুষ্ঠিত কৰিবলৈকে যথেষ্ট ধনৰ প্ৰয়োজন হয় একো একোটা ৰাজনৈতিক দলক৷কিন্তু শেহতীয়াকৈ আৰ্থিক সংকটত পৰা দলটোৱে এই ব্যয়ৰ জোৰা মাৰিব নোৱাৰা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷সেয়ে দলটোৱে বিচাৰিছে সাহাৰ্য।কিন্তু এই সংগ্ৰহত কিমান সফলতা লাভ কৰিব কংগ্ৰেছে?ৰাজনৈতিক বিশ্লেষকৰ মতে কংগ্ৰেছে জনতাৰ পৰা সমৰ্থন পাব৷কিয়নো কংগ্ৰেছে যিবোৰ ইছ্যু নিৰ্বাচনী বিষয় হিচাপে লৈছে , সেই বিষয়বোৰৰ প্ৰতি যিসকলৰ সমৰ্থন আছে সেই সকলে কংগ্ৰেছক সাহাৰ্য আগবঢ়াব যে সেইটো নিশ্চিত।কংগ্ৰেছ দলে ইতিমধ্যে দেশৰ ৫ খন ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰত নিবনুৱা সমস্যা,মূল্যবৃদ্ধিক ইছ্যু হিচাপে লৈছিল।তদুপৰি বিগত বৰ্ষৰ ৬ ছেপ্তেম্বৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাৰ উদ্দেশ্য আছিল দেশত ঘৃণাৰ দোকানৰ পৰিবৰ্তে প্ৰেমৰ দোকান খোলা৷সেই যাত্ৰাত যথেষ্ট সমৰ্থন লাভ কৰিছিল ৰাহুল গান্ধীয়ে।বছৰি ২ কোটি নিবনুৱাক কৰ্মসংস্থাপন দিয়া,২০২২ চনৰ ভিতৰত সকলো লোকৰে মূৰৰ ওপৰত এখন ছাঁদ দিয়া,দেশত দুৰ্নীতি নিৰ্মূল কৰা,ক’লা ধন ঘূৰাই অনা আদি আছিল প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিশ্ৰুতি।কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সেই প্ৰতিশ্ৰুতিবোৰ ৰাখিব নোৱাৰিলে। ৰাজনৈতিক বিশ্লেষকৰ মতে প্ৰধানমন্ত্ৰী মোডী তথা বিজেপিয়ে বিগত দিনবোৰত সংস্থাপন দিয়া বুলি দাবী কৰি আহিছে যদিও অভিযান্ত্ৰিক ডিগ্ৰীধাৰী যুৱকে জ’মেট’ ডেলিভাৰী কৰা অথবা ষ্টেচনৰ কুলীৰ কাম কৰাটোক সংস্থাপন বুলি ক’ব নোৱাৰি।দেশক নিবনুৱা সমস্যাই ইমানেই জুৰুলা কৰিছে যে সাংসদ ভৱনৰ ভিতৰত আহি উচ্চ শিক্ষিত নিবনুৱাই স্ম’ক বোমাৰে প্ৰতিবাদ কৰিবলগীয়া হৈছে।কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাংবাদিকে সংসদ ভৱনৰ ভিতৰত সংঘটিত স্ম’ক বোমাৰ আক্ৰমণৰ বিষয়ে প্ৰশ্ন কৰিছিল৷ইয়াৰ উত্তৰত ৰাহুল গান্ধীয়ে কয় যে সংসদ ভৱনৰ ওপৰত সংঘটিত আক্ৰমণ গৰিহণাযোগ্য । কিন্তু ইয়াৰ অন্তৰালৰ কাৰণবোৰ চালে দেখা যায় নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লৈছে দেশত যাৰবাৰে উচ্চশিক্ষিত নিবনুৱাই তেওঁলোকৰ অভাৱ -সমস্যা আদি চৰকাৰক অৱগত কৰাৰ বাবে এই পন্থা ল’বলগীয়া হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.