প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ কৰোনা পজিটিভ

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ আজি কৰোনা ভাইৰাছ পজিটিভ ধৰা পৰে। খবৰটো টুইটাৰ যুগে ৰাজহুৱা কৰি প্ৰাক্তন ৰাষ্ট্ৰপতি জনে যোৱা এক সপ্তাহত তেওঁৰ সংস্পৰ্ষলৈ অহা সকলোকে চেল্ফ আইচ’লেট কৰাৰ লগতে ক’ভিড-১৯ ৰ টেষ্ট কৰিবলৈ অনুৰোধ জনায়।

উল্লেখযোগ্য যে যোৱা ২৪ ঘণ্টাত দেশত মুঠ কৰোনা আক্ৰান্তৰ সংখ্যা ৬২০৬৪ জন আৰু কৰোনাত মৃত্যও হোৱা লোকৰ সংখ্যা ১০০৭ জন। ইয়াৰ লগতে কৰোনাৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা সমগ্ৰ ভাৰতবৰ্ষত ১৫ লাখ অতিক্ৰম কৰিছে।

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে