প্ৰাক্তন ৰাজহ মন্ত্ৰীৰ জন্মশতবাৰ্ষিকী পালন

কামপুৰৰ বিশিষ্ট সমাজসেৱক প্ৰাক্তন ৰাজহ মন্ত্ৰী লক্ষেশ্বৰ গোহাঁইৰ জন্ম শতবাৰ্ষিকী উদযাপন।এই শতবাৰ্ষিকী উদযাপন কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।বৃহত্তৰ কামপুৰ অঞ্চলৰ লগতে নগাঁও জিলাখনৰ সামাজিক সাংস্কৃতিক তথা আৰ্থসামাজিক বিকাশত অগ্ৰণী ভূমিকা লোৱা সততাৰ অন্যতম সেৱক জনতা চৰকাৰৰ মূখ্যমন্ত্ৰী গোলাপ বৰবৰা মন্ত্ৰীসভাৰ প্ৰাক্তন মন্ত্ৰী বিজেপিৰ দ্বিতীয় গৰাকী সভাপতি প্ৰয়াত লক্ষেশ্বৰ গোঁহাইৰ জন্ম আজি এশ বছৰ পূৰ্ণ হো’ৱাৰ উপলক্ষে তেওঁৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়।সমাজসেৱক গৰাকীৰ কৰ্মৰাজি আৰু জীৱনৰ আদৰ্শ সমূহ উঠি অহা নৱ প্ৰজন্মৰ বাবে দিক নিৰ্ণয়ৰ সঠিক পথ হওক সেই উদ্দেশ্য আগত ৰাখি তেখেতৰ জন্ম শতবৰ্ষ দিনটো অসম প্ৰদেশ বিজেপিৰ প্ৰথম আহ্বায়ক কমিটিৰ অন্যতম আহ্বায়ক লক্ষেশ্বৰ গোঁহাইৰ এই জন্ম শতবাৰ্ষিকী অনুষ্ঠানটি কামপুৰ বাসী ৰাইজৰ উদ্দ্যোগত কামপুৰ কেন্দ্ৰীয় ৰাসপথাৰত এদিনীয়া বিশেষ কাৰ্যসূচীৰে আয়োজন কৰা হয়।এই উপলক্ষে আজি অন্যান্য কাৰ্যসূচীৰ লগতে দুপৰীয়া এখনি স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয় ।প্ৰয়াত লক্ষেশ্বৰ গোঁহাইৰ কৰ্ম আৰু জীৱন আদৰ্শৰ সম্পৰ্কত অনুষ্ঠিত হোৱা এই স্মৃতিচাৰণ সভাত বক্তৃতা প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, প্ৰাক্তন বিধায়ক তথা পদ্মশ্ৰী অজয় দত্ত ,প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই,কামপুৰ চক্ৰৰ চক্ৰ বিষয়া সুজাতা গগৈৰ লগতে গোঁহাইৰ সান্নিধ্য লাভ কৰা অসমৰ বিভিন্ন অঞ্চলত থকা বিশিষ্ট ব্যক্তি সকলে।সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দীপলু ৰঞ্জন শৰ্মা , ৰাজ্যিক বিজেপিৰ কাৰ্যবাহী সদস্য বিভুতি ভূষণ বৰঠাকুৰ ,শিল্পী পেঞ্চনাৰ প্ৰমোদ লস্কৰ ,ৰাজ্যিক বিজেপিৰ কাৰ্যবাহী সদস্য বিভুতি ভূষণ বৰঠাকুৰ ,নগাঁও জিলাৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ পৰিচালক ৰানা প্ৰতাপ ভূঞা আদি।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296