প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কামৰ কথা নকয়,কামৰ কথা নুশুনে

Share This Article

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কামৰ কথা নকয়,কামৰ কথা নুশুনে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেৱল মনৰ কথা কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সন্দৰ্ভত এক প্ৰকাৰে এনে এক কটু সমালোচনা কৰিছে এজন মুখ্যমন্ত্ৰীয়ে।
দেশত এতিয়া কোভিডৰ সন্ত্ৰাস।অক্সিজেন আৰু ভেকচিনৰ নাটনি এই সময়ৰ আন এক মহা সংকট।এই জটিল পৰিস্থিতিৰ মাজত নৰেন্দ্ৰ মোডী চৰকাৰৰ ভূমিকা আৰু ব্যৰ্থতাক এতিয়া বহু ৰাজনীতিকেই সমালোচনা কৰিছে।দিল্লীৰ মুখ্যমন্ত্ৰীয়ে মোডী চৰকাৰক অক্সিজেন বিচাৰি কৰা সদম্ভ অনুৰোধৰ কথা আপোনাৰো নিশ্চয় মনত আছে।কোভিডৰ ভয়াৱহতাৰ সময়ত নৰেন্দ্ৰ মোডীয়ে ‘মন কি বাত’ অনুষ্ঠানত অংশ লোৱা কাৰ্যক সমালোচনা কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও কৈছিল,প্ৰধানমন্ত্ৰীয়ে কোভিডৰ কথা কওঁক,মনৰ কথা নহয়।কিন্তু ইয়াৰ মাজতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সুৰেনে কৰা টুইটে এতিয়া ধুমুহাৰ সৃষ্টি কৰিছে ৰাজনীতিত।
ছয় মে’ত হেমন্ত সুৰেনে টুইটযোগে লিখিছে- ‘আজি সন্মানীয় প্ৰধানমন্ত্ৰীয়ে মোক ফোন কৰিছিল।তেখেতে কেৱল নিজৰ মনৰ কথাহে কলে।যদি কামৰ কথা কলেহেঁতেন অথবা কামৰ কথা শুনিলেহেঁতেন,তেন্তে কিছু ভাল হলহেঁতেন।’
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীজনৰ এই সমালোচনাই এতিয়া লজ্জিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।দেশৰ বিভিন্ন ৰাজনীতিকৰ এনে সমালোচনাই সমান্তৰালভাৱে সৃষ্টি কৰিছে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নও- এই সংকটৰ সময়ত উচিত আৰু পৰ্যাপ্ত পৰিকল্পনা গ্ৰহণৰ সলনি কেৱল ভাষণ আৰু ‘মনৰ কথা’ প্ৰকাশতেই ব্যস্ত হৈ আছে নেকি দেশৰ প্ৰধানমন্ত্ৰীজন?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.