প্ৰদূষণমুক্ত হ’ব অসম !

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰিব ‘মিশ্যন LiFE’.অহা ২১মাৰ্চত প্ৰধানমন্ত্ৰীয়ে অসমত এই আঁচনিৰ শুভাৰম্ভ কৰিব৷মিশ্যন LiFE মানে Lifestyle for environment. চলিত বিধানসভাৰ অধিৱেশনত অসম গণ পৰিষদৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জলবায়ু প্ৰদূষণ সম্পৰ্কত কৰা এক প্ৰশ্নৰ উত্তৰত এই মিশ্যনৰ বিষয়ে অৱগত কৰে মন্ত্ৰী কেশৱ মহন্তই৷ৰমেন্দ্ৰ নাৰায়ণ কলিতাই দেশৰ ভিতৰতে প্ৰদূষণযুক্ত চহৰ হিচাপে অসমৰ ৫ খন চহৰ অন্তৰ্ভুক্ত হোৱাৰ বিষয়টো উল্লেখ কৰিছিল।বিধায়ক গৰাকীৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী কেশৱ মহন্তই কয় যে গুৱাহাটী,নগাঁও,নলবাৰী,শিৱসাগৰ,শিলচৰত যে প্ৰদূষণ বৃদ্ধি পাইছে সেই বিষয়ে চৰকাৰ অৱগত।মন্ত্ৰীগৰাকীয়ে এনেদৰে প্ৰদূষণ বৃদ্ধি পোৱাৰ কাৰণ গাড়ীৰ পৰা ওলোৱা ধোঁৱা,বায়ুমণ্ডলত উৰি ফুৰা ধূলিকণা আদিৰ বিষয়ে উল্লেখ কৰে।তেওঁ আনকি ফেব্ৰুৱাৰী মাহৰ ২৮ টা দিনৰ বায়ুৰ প্ৰদূষণ আৰু গুণাগুণৰ তথ্যও ৰাজহুৱা কৰে।মাহটোৰ ৮ টা দিন অতি বেয়া,১০ টা দিন বেয়া,৯ টা দিন অলপ উন্নত আৰু এটা দিন মাত্ৰ ভাল বুলি উল্লেখ কৰে।গাড়ীৰ ব্যৱহাৰ কমোৱা,জংঘল কটা বন্ধ কৰা,জনতাই ব্যৱহাৰ কৰা গাড়ীৰ আধুনিকীকৰণ,মানুহৰ জীৱন শৈলীৰ পৰিবৰ্তনৰ জৰিয়তে বায়ুমণ্ডলত প্ৰদূষণৰ মাত্ৰা কমাব পাৰিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।মন্ত্ৰীগৰাকীয়ে লগতে কয় ‘ আমি সদায় LiFE মিশ্যন প্ৰয়োগ কৰিব বিচাৰোঁ।তদুপৰি বায়ু প্ৰদূষণ বন্ধ আৰু প্ৰদূষণৰ পৰা ৰক্ষা পৰাৰ উপায় সম্বন্ধে আমি সজাগতামূলক কাৰ্যপন্থা গ্ৰহণ কৰি আহিছোঁ।’উল্লেখ্য যে অহা ২১মাৰ্চত প্ৰধানমন্ত্ৰীয়ে অসমত আৰম্ভ কৰিবলগীয়া এই কাৰ্যসূচী ইয়াৰ আগতে বিগত বৰ্ষত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰছৰ উপস্থিতিত প্ৰধানমন্ত্ৰী মোডীয়ে গুজৰাটত আৰম্ভ কৰিছিল।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296