প্ৰথমবাৰৰ বাবে বিৰোধী দলপতিৰ আসন উকা

বিগত ডিচেম্বৰত অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনত গুজৰাটত বাৰুকৈয়ে মুখথেকেঁচা খালে প্ৰধান বিৰোধী দল কংগ্ৰেছে।১৮২ খন আসন থকা বিধানসভাত মাত্ৰ ১৭ খন আসন লাভ কৰিলে কংগ্ৰেছ দলে।বিৰোধী দলৰ মৰ্যাদা লাভ কৰিবলৈ অতি কমেও ১০% বিধায়ক থাকিব লাগে দলটোত।কিন্তু আশ্চৰ্যজনকভাৱে এসময়ত শাসনত থকা দলটোৱে ১০% বিধায়ককো জয়ী কৰাই আনিবলৈ সক্ষম নহ’ল বিগত নিৰ্বাচনত৷ঠিক সেইদৰে ক্ষমতালৈ আহিলে মুখ্যমন্ত্ৰী কোন হ’ব তাকো ভোটৰ জৰিয়তে নিৰ্ধাৰণ কৰা আপ দলে বিগত বিধানসভাৰ নিৰ্বাচনত শোচনীয়ভাৱে পৰাস্ত হ’ল৷মাত্ৰ ৫ খন আসনত জয়ী হ’ল আপ।ফলত কোনো এটা দলেই লাভ নকৰিলে বিৰোধীৰ মৰ্যাদা।গুজৰাট বিধানসভা প্ৰথমবাৰৰ বাবে এনে ঘটনাৰ সাক্ষী হ’ল।অৱশ্যে কংগ্ৰেছ দলে বিধানসভাৰ অধ্যক্ষ শংকৰ চৌধুৰীক তেওঁলোকৰ দলৰ অমিত চাভদাক বিৰোধী দলপতি হিচাপে নিযুক্তি দিয়াৰ বাবে অনুৰোধ কৰিছিল৷কিন্তু বিধায়কৰ সংখ্যা কম হোৱা বাবে অধ্যক্ষই এই অনুৰোধ প্ৰত্যাখ্যান কৰে।১৯৮৫ চনত গুজৰাটত শাসকীয় কংগ্ৰেছ দলে জনতা পাৰ্টিৰ বিধায়কৰ আসন কম থকাৰ পিছতো তেওঁলোকৰ দলৰ নেতাক বিৰোধী দলপতি হিচাপে বিচৰাৰ প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনাইছিল।কংগ্ৰেছ নিতা মণীষ দোছীয়ে কয় ‘ বিজেপিয়ে এতিয়া তেনেধৰণৰ এক স্থিতিকেই ল’ব পাৰে।অৱশ্যে বিৰোধী দলৰ মৰ্যাদা নাপালেও আমি ৰাইজৰ হৈ মাত মাতিমেই।’২০১৪ চনৰ পৰা কংগ্ৰেছ দলে লোকসভাত দ্বিতীয় সৰ্ববৃহৎ দলৰ মৰ্যাদা লাভ কৰি আছে৷কিন্তু কংগ্ৰেছৰ বিৰোধী নেতা নাই।তথাপিও দেশৰ জনতাৰ হৈ সদায়ে মাত মাতি আহিছে কংগ্ৰেছে।মহাৰজা শিৱাজীৰাও বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ অধ্যাপক অমিত ধোলাকিয়াই কয় যে এইটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়।’ বিৰোধী দল দুৰ্বল হ’লে কংগ্ৰেছ আপ দুয়োটা দলেই জনতাৰ হৈ মাত মাতিবলৈ আন সংসদীয় নীতি নিয়ম মানি চলিব লাগিব।’

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296