প্ৰচাৰৰ পৰা বাহিৰ হ’ল প্ৰধানমন্ত্ৰী !

Share This Article

ভোটাৰ ৰাইজৰ ক্ষোভত বিব্ৰত মধ্য প্ৰদেশত একেলেথাৰিয়ে দীৰ্ঘ কালৰ বাবে শাসনত থকা বিজেপি দলৰ নেতৃত্ব ।২০০৩ চনৰ পৰা শাসনত থকা বিজেপি দলটো মাজত মাত্ৰ ১৫ মাহৰ বাবে শাসনত নাছিল । দীৰ্ঘ সময় শাসনত থাকিও জনতাৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰি ভয়ংকৰভাৱে হতাশগ্ৰস্ততাত ভুগিছে বিজেপি । প্ৰথম অৱস্থাত প্ৰধানমন্ত্ৰী মোডীকে ধৰি কেন্দ্ৰীয় নেতৃত্বই মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰাই ৰাখি মধ্য প্ৰদেশ জয়ৰ ক্ৰেডিট নিজেই ল’ব বিচাৰিছিল যদিও শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোডীয়ে মাত্ৰ কেইখনমান সীমিত সংখ্যক ৰেলীতহে অংশ লোৱাটো নিশ্চিত হৈছে ।ঘাইকৈ প্ৰতিষ্ঠানবিৰোধী ঢৌ,বৰ্তমানৰ বিধায়কসকলৰ প্ৰতি আস্থাহীনতা আদিয়ে বিজেপিৰ প্ৰতি মানুহৰ মাজত এক বিশ্বাসহীনতাৰ ভাৱৰ সৃষ্টি কৰিছে । তদুপৰি প্ৰাৰ্থিত্ব লাভ নকৰা বহুবোৰ বিজেপি কৰ্মীয়ে বহুজন সমাজবাদী পাৰ্টি ,আম আদমী পাৰ্টী আৰু নিৰ্দলীয় প্ৰাৰ্থী ৰূপে এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়োৱাটো নিশ্চিত কৰিছে । ফলত বিজেপিৰ প্ৰাৰ্থীৰ ভোট ভঙাাটো নিশ্চিত হৈ পৰিছে । তদুপৰি বিভিন্ন সমীক্ষাই বিজেপিৰ ফালে যে বতাহ বোৱা নাই সেইটো নিশ্চিত কৰিছে । অৱশ্যে কেৱল মধ্য প্ৰদেশতে নহয়,আন কেইখন ৰাজ্য ক্ৰমে ৰাজস্থান,ছত্তীশগড়,তেলেংগানা,মিজোৰাম আদি ৰাজ্যতো প্ৰধানমন্ত্ৰী মোডীয়ে যিমান পাৰে নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে মিজোৰামৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীৰ লগত মঞ্চত নবহাৰ বিষয়টো ৰাজহুৱা কৰাৰ পাছতে আজি অৰ্থাৎ সোমবাৰে মিজোৰামলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নহাৰ সিদ্ধান্ত লয় নৰেন্দ্ৰ মোডীয়ে । উল্লেখ্য যে বিজেপি দলৰ আভ্যন্তৰীণ সূত্ৰয়ো পাঁচোখন ৰাজ্যতে বিজেপিৰ অৱস্থা যে ভাল নহয়,সেইটো নিশ্চিত কৰিছে । তদুপৰি বিভিন্ন সংস্থাই চলোৱা সমীক্ষায়ো জনতাই যে প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ আৰু শুনিব খোজা নাই তাৰ উমান দিছে।ইফালে গৃহমন্ত্ৰী অমিত শ্বাহে মধ্য প্ৰদেশৰ দলীয় বিসম্বাদ নিৰ্মূলৰ বাবে অসন্তুষ্ট নেতাক ব্যক্তিগতভাৱে সাক্ষাৎ কৰাৰো আগ্ৰহ দেখুৱাইছে। উল্লেখ্য যে ইয়াৰ আগতে হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ সময়ত দলীয় এগৰাকী বিসম্বাদী নেতাক প্ৰধানমন্ত্ৰী মোডীয়ে ফোন কৰি বুজনি দিছিল । অৱশ্যে প্ৰধানমন্ত্ৰী মোডীৰ সেই বুজনিয়েও কামত নাহিল । বিসম্বাদী নেতা জনেও নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰিলে আৰু বিজেপিও শোচনীয়ভাৱে পৰাস্ত হ’ল । গতিকে সাতে-সোতৰই মিলি নিৰ্বাচনী প্ৰচাৰৰ পৰা প্ৰধানমন্ত্ৰী মোডীক আঁতৰাই ৰাখি পৰাজয়ৰ গ্লানি ৰাজ্যিক নেতৃত্বলৈ ঠেলি দিব বিচাৰিছে কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বই ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.