প্ৰগতিত লাগিল তলা

Share This Article

প্ৰশাসনে তলা লগলে শিৱসাগৰৰ প্ৰগতি নাৰ্চিং হোম।আজিৰ ভিতৰত সকলো ৰোগীক অন্য চিকিৎসালয়লৈ স্থানান্তৰণ কৰাৰ নিৰ্দেশ।বিজেপি নেত্ৰী উপমা বৰাৰ মৃত্যুৰ পিছতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল শিৱসাগৰত। ইয়াৰ পিছতেই আজি প্ৰগতি নাৰ্চিংহোমত তলা লগালে শিৱসাগৰ জিলা প্ৰশাসনে।ইপিনে যোৱা মাহত এইখন চিকিৎসালয়তেই চিকিৎসকৰ অৱহেলা আৰু ভুল চিকিৎসাৰ বাবে নৃপেন খঙীয়া নামৰ এগৰাকী ৰোগীৰ মৃত্যু হৈছিল।দুয়োটা ঘটনাৰ সন্দৰ্ভত শিৱসাগৰ জিলা দণ্ডাধীশে অতিৰিক্ত জিলা দণ্ডাধীশ পৰ্যায়ৰ এক তদন্ত ঘোষণা কৰে অতিৰিক্ত জিলা দণ্ডাধীশ চন্দনা বৰুৱাৰ অধ্যক্ষতাত তিনিজন জ্যেষ্ঠ চিকিৎসকসহ এক মেডিকেল টীম গঠন কৰি দিয়া হৈছে।তদন্ত কমিটিয়ে তদন্তৰ প্ৰতিবেদন দাখিল নকৰা পৰ্যন্ত প্ৰগতি হস্পিতেল আৰু ৰিচাৰ্চ চেন্টাৰ সম্পূৰ্ণ ভাৱে বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে শিৱসাগৰ জিলা দণ্ডাধীশে।যোৱা মাহত এইখন চিকিৎসালয়তে মৃত্যু হোৱা নৃপেন খঙীয়াৰ ভাতৃয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.