প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি অব্যাহত যোশীমঠত

Share This Article

পুনৰ ফাঁট যোশীমঠত। প্ৰযুক্তিক প্ৰত্যাহ্বান জনাইছে প্ৰকৃতিয়ে।মুঠ ৮৬৮ গৃহত মেলিছে ফাঁট।চামলী জিলাৰ প্ৰশাসনে অৱশেষত স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে যোশীমঠ নগৰ এলেকাত বৰ্তমানেও অব্যাহত আছে প্ৰকৃতিৰ ধ্বংসযজ্ঞ।যোশীমঠত পুনৰ নতুনকৈ ৫ টা ঘৰত ফাঁট মেলিছে।বিগত ২০ জানুৱাৰীৰ পিছতো অঞ্চলটোত বিভিন্ন স্থানত অৱস্থিত ঘৰবোৰত ফাঁট মেলাৰ তথ্য পোৱা গৈছে।প্ৰণৱ শৰ্মা নামৰ এগৰাকী বাসিন্দাই কয় ‘ আমি দেখিছোঁ যে নতুন নতুন কিছুমান ফাঁট মেলিছে।কিন্তু প্ৰশাসনে দাবী কৰিছে যে পৰিস্থিতি একেই আছে,কোনো নতুন ক্ষয়ক্ষতিৰ তথ্য নাই।’উল্লেখ্য যে ২০ জানুৱাৰীলৈকে যোশীমঠত মুঠ ৮৬৩ টা গৃহত ফাঁট মেলিছিল আৰু বৰ্তমান এই সংখ্যা বৃদ্ধি পায় হৈছেগৈ ৮৬৮ টা৷নতুনকৈ ভঙা এই বাসগৃহ কেইটা সিংধৰ মিউনিচিপাল অঞ্চলত অৱস্থিত৷ যোশীমঠৰ মুঠ ৯ টা ৱাৰ্ডত ১৮১ টা অসুৰক্ষিত বাসগৃহ আছে৷সিংধৰত সৰ্বাধিক ৯৮ টা বাসগৃহ ,গান্ধীনগৰ ২৮ টা বাসগৃহ,মনোহৰবাঘত ২৭ টা বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.