পৌৰ কৰৰ বিৰুদ্ধে ওদালগুৰিত প্ৰতিবাদ

Share This Article

সম্প্ৰতি বৰ্ধিত পৌৰ কৰক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে শুকুৰবাৰে ওদালগুৰিতো বৰ্ধিত পৌৰ কৰক লৈ নাগৰিক অধিকাৰ দাবী সমিতি,ওদালগুৰিৰ সদস্য সকলে ওদালগুৰিৰ পৌৰপতি,উপায়ুক্ত, ওদালগুৰি পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া তথা চক্ৰ বিষয়াক স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে উপায়ুক্তৰ জৰিয়তে ওদালগুৰিৰ অভিভাৱক মন্ত্ৰী বিমল বৰা, মন্ত্ৰী অশোক সিংঘাল,বি টি চিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰা হয়।উল্লেখ্য যে অসমৰ সকলো পৌৰ সভাতে ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা বৰ্ধিত কৰ লোৱাৰ যো-জা চলাইছে যদিও ওদালগুৰিত ২০২২ চনৰ ১ এপ্ৰিলৰ পৰাই বৰ্ধিত কৰ সংগ্ৰহ কৰি আছে।তাৰোপৰি অগণতান্ত্ৰিক ভাৱে বকেয়া কৰ আদায়ৰ বাবে ৰাজপথত হ’ৰ্ডিং আঁৰি নাগৰিকক নিৰ্দেশ দিয়া হৈছে। ইয়াকে লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সেয়েহে আজি ওদালগুৰিৰ নাগৰিক অধিকাৰ দাবী সমিতিয়ে উক্ত বৰ্ধিত কৰ লোৱা বন্ধ কৰা, পাইলট প্ৰজেক্টৰ নামত এবছৰ অতিৰিক্ত কৰ আদায় লোৱা আৰু অপমানজনক হ’ৰ্ডিং আঁতৰোৱাৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কৰে। এসপ্তাহৰ ভিতৰত দাবীসমূহ পূৰণ নহ’লে গণতান্ত্ৰিক আন্দোলনৰ পথ লোৱা হব বুলি প্ৰশাসনক সকীয়াই দিয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.