পেগাচাছে পিছ এৰাই নাই !

Share This Article

পেগাচাছ! এটা স্পাই ছফ্টৱেৰ। যিটো ছফ্টৱেৰ এবাৰ কাৰোবাৰ মোবাইলত প্ৰৱেশ কৰিলে সেই মোবাইলটোৰ সকলোবোৰ তথ্য ছফ্টৱেৰটোৱে অভিগম (access) কৰি লয়। এই ছফ্টৱেৰটো গোপনে বহু দূৰত থাকিয়েই কাৰোবাৰ মোবাইলত ইনষ্টল কৰিব পাৰি আৰু ই ইমানেই শক্তিশালী যে আইফোনৰ দৰে শক্তিশালী সুৰক্ষা ব্যৱস্থাকো নেওচি সেই ফোনটিৰ সকলো তথ্য হেক কৰিব পাৰে। এবাৰ কাৰোবাৰ মোবাইলত পেগাচাছ প্ৰৱেশ কৰাৰ লগে লগে তেওঁৰ ফোনকলৰ উপৰিও কেমেৰা, ৰেকৰ্ডিং, অডিঅ’, মেচেজ,ইমেইল আদি যিকোনো ধৰণৰ তথ্য সংগ্ৰহ কৰিব পাৰি। ইজৰাইলী চাইবাৰ চোৰাংচোৱা প্ৰতিষ্ঠান NSO ৰ দ্বাৰা এই স্পাইৱেৰটোৰ প্ৰস্তুত কৰা হৈছিল সন্ত্ৰাসবাদী কৰ্যাকলাপ নিৰীক্ষণ আৰু প্ৰতিৰোধ কৰিবৰ বাবে। কিন্তু বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰসমূহে এই স্পাইৱেৰ ব্যৱহাৰ কৰি সাংবাদিক,অধিবক্তা, ৰাজনৈতিক বিৰোধী আৰু মানৱ অধিকাৰ কৰ্মীসকলক অবৈধ ভাৱে চোৰাংচোৱা কৰিছিল।ইয়াৰ ভিতৰত ভাৰতবৰ্ষৰ নামো সংযুক্ত হৈ পৰিছিল। ২০২১ চনত ফৰ্বিডছেন নামৰ এটা সংবাদ সংস্থাই আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা এমনেষ্টি ইণ্টাৰনেছনেলৰ সহযোগত এই প্ৰসঙ্গটো পোহৰলৈ আহিছিল। এমনেষ্টি ইণ্টাৰনেছনেলৰ দ্বাৰা ইয়াৰ সম্ভাৱ্য ভুক্তভোগী হিচাপে ৩০০ গৰাকী ব্যক্তিৰ এখন তালিকা প্ৰকাশ কৰিছিল। ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি প্ৰশান্ত কিশোৰ, প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত অশোক লাভাচা আদিকে ধৰি বিভিন্ন গৰাকী মানৱধিকাৰ কৰ্মী, সাংবাদিকৰ নাম এই তালিকাত প্ৰকাশ পাইছিল। আনকি, অসমৰো দুগৰাকী ব্যক্তি, ক্ৰমে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমূজ্বল কুমাৰ ভট্টাচাৰ্য আৰু আলফাৰ আলোচনাপন্থী নেতা অনুপ চেতিয়াৰ ফোন টেপিঙ তালিকাৰ নাম অন্তৰ্ভুক্ত হৈছিল। উল্লেখ্য যে, তেওঁলোকৰ নাম সমূহ ফোন টেপিঙৰ সম্ভাৱ্য তালিকাতহে প্ৰকাশ পাইছিল।শেহতীয়াভাৱে পেগাচাছ পুনৰ প্ৰাসংগিক হৈ পৰিছে।বৃহস্পতিবাৰে প্ৰকাশিত এক যৌথ তদন্তত এম্নেষ্টী ইণ্টাৰনেশ্যনেল আৰু দ্য ৱাশ্বিংটন পোষ্টে প্ৰকাশ কৰা অনুসৰি ভাৰত চৰকাৰে পুনৰ পেগাছাছ স্পাইৱেৰেৰে হাই প্ৰফাইল সাংবাদিকক লক্ষ্য কৰি লৈছে। এমনেষ্টিৰ তথ্য অনুসৰি ডি ৱায়াৰ(The wire)ৰ সাংবাদিক সিদ্ধাৰ্থ বৰদাৰ্জন আৰু সংগঠিত অপৰাধ আৰু দুৰ্নীতিৰ প্ৰতিবেদন প্ৰকল্প (OCCRP)-ৰ আনন্দ মাঙনালেৰ আইফোন পেগাঁচাচৰ লক্ষ্য হৈ পৰিছে।এম্নেষ্টী ইণ্টাৰনেশ্যনেলৰ ছিকিউৰিটি লেবৰ মুৰব্বী ডনচা অ’ চিয়াৰভাইলে কয় যে ‘ভাৰতত সাংবাদিকসকলে কেৱল নিজৰ কাম কৰাৰ বাবেই ক্ৰমান্বয়ে অবৈধ চোৰাংচোৱাৰ ভাবুকিৰ সন্মুখীন হব ধৰিছে ‘। তেখেতে লগতে কয় যে ‘কঠোৰ আইন, বিভিন্ন সাংবাদিক বিৰোধী অভিযান, হাৰাশাস্তি, আৰু কাৰাদণ্ডই ইতিমধ্যে সাংবাদিকসকলক এক ভয়াৱহ বাতাৱৰণৰ সন্মূখীন কৰাইছে’।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.