পুৱাই ছত্তীশগড়ত সংঘৰ্ষ,নিহত ৩ জন

ছত্তীশগড়ত শনিবাৰে পুৱা সংঘটিত এক ভয়ংকৰ সংঘৰ্ষত ৩ গৰাকী ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ড নিহত হয়।মাওবাদীৰ লগত হোৱা মুখামুখি সংঘৰ্ষত নিহত হয় ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ড কেইজন।শনিবাৰে পুৱা বাষ্টাৰ জিলাৰ চাকমাত এই সংঘৰ্ষ সংঘটিত হয়।বাষ্টাৰ সংমণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে কয় ‘শনিবাৰে পুৱা ৯ বজাত জাগৰগুণ্ডা আৰু কুন্দেদ গাঁৱৰ মাজত সংঘটিত হয় এই ঘটনা।ASI ৰামুৰাম নাগ,সহকাৰী কনিষ্টবল কুঞ্জন জগা আৰু সৈনিক বঞ্জম ভীমা এই সংঘৰ্ষত নিহত হয়৷ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ পুলিচৰ এটা গোট শনিবাৰে পুৱা মাওবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল।তাতেই মাওবাদীৰ আক্ৰমণৰ সন্মুখীন হয় গোটটো।প্ৰায় ২০ মিনিট জোৰা সংঘৰ্ষত ৩গৰাকী DGR নিহত হয়।’
ইতিমধ্যে সমগ্ৰ অঞ্চলটোতে মাওবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষী আৰু সেনাই।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296