পুৰুষেই নহয়,গ্ৰেপ্তাৰ হৈছে মহিলাও

Share This Article

বাল্য বিবাহক উৎসাহিত কৰাৰ অপৰাধত গ্ৰেপ্তাৰ ৭৮ গৰাকী মহিলা।উল্লেখ্য যে বিগত সোমবাৰৰ পৰা সমগ্ৰ ৰাজ্যত চলিছে বাল্যবিবাহ বিৰোধী অভিযান।এই অভিযানত প্ৰায় ২৫০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।গ্ৰেপ্তাৰ হোৱা লোকসকলৰ অধিক সংখ্যকেই কম বয়সতে বিবাহপাশত আৱদ্ধ হোৱা স্বামী,মোল্লা,কাজী,পূজাৰী আদি।গৰিষ্ঠসংখ্যক পুৰুষৰ বিপৰীতে গ্ৰেপ্তাৰ হৈছে ৭৮ গৰাকী মহিলা।মহিলা সকলৰ অধিকাংশই বাল্য বিবাহক উচতনি দিয়া লোক।
আইন-শৃংখলা বিভাগৰ IGP প্ৰশান্ত কুমাৰ ভূঞাই কয়’ তৃতীয় পক্ষক গ্ৰেপ্তাৰ কৰা হৈছে যদিও সকলো গোচৰতে তৃতীয় পক্ষক গ্ৰেপ্তাৰ কৰা হোৱা নাই৷তদন্তৰ সময়ত যদি তৃতীয় পক্ষ জড়িত থকাৰ বিষয়টো উন্মোচিত হৈছে তেতিয়াহে গ্ৰেপ্তাৰ কৰা হৈছে।’বাল্যবিবাহ প্ৰতিৰোধী আইন ,২০০৬ অনুসৰি ‘ বাল্য বিবাহ সম্পন্ন হোৱাত সহযোগিতা কৰা,সম্পন্ন কৰিবলৈ অনুমতি দিয়া,বাল্যবিবাহত উপস্থিত থকা বা অংশগ্ৰহণ কৰাটোকো অপৰাধ হিচাপে গণ্য কৰা হয় আৰু তেওঁলোকক শাস্তিৰ যোগ্য হিচাপে বিবেচনা কৰা হয়৷কিন্তু তাৰ বিপৰীতে ‘কোনো মহিলাক কাৰাবন্দী কৰিব নোৱাৰিব।’দিল্লীৰ এগৰাকী অধিবক্তা লক্ষ্য ধীৰৰ মতে অৱশ্যে ইয়াৰ জৰিয়তে আৰক্ষীৰ অধিকাৰ খৰ্ব কৰিব বিচৰা নাই।অধিবক্তাগৰাকীৰ মতে ‘১৫ নং ধাৰা অনুসৰি ,বাল্য বিবাহৰ অপৰাধ জামিনবিহীন আৰু ইয়াৰ লগত জড়িত অপৰাধীক কোনো ৱাৰেণ্ট অবিহনেই গ্ৰেপ্তাৰ কৰিব পাৰি।’অসমৰ গৰিষ্ঠসংখ্যক জিলাতে কোনো মহিলাকে বাল্যবিবাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হোৱা নাই৷সোমবাৰৰ দিনটোত ৰাজ্যখনৰ ৩৫ খন জিলাৰ ৯ খন জিলাতহে মহিলা গ্ৰেপ্তাৰৰ তথ্য পোৱা গৈছে।বাস্কা জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ মতে বেছিভাগ গ্ৰেপ্তাৰৰ ক্ষেত্ৰতে বাল্যবিবাহত বহা স্বামী বা পত্নী গৰাকীৰ মাতৃ জড়িত আছে।ৰাজেন সিঙে কয় ‘ তেওঁলোকে এই বিবাহক উৎসাহিত কৰিছে৷ উৎসাহিত কৰা সকলৰ অধিকাংশই দৰা বা কইনাৰ মাতৃ৷আমি আনকি এই বিবাহত আগভাগ লোৱা সকলকো গ্ৰেপ্তাৰ কৰিছোঁ।মাতৃ-পিতৃ অথবা বিবাহক উৎসাহিত কৰা আন সম্বন্ধীয়কো গ্ৰেপ্তাৰ কৰিছোঁ।’দিল্লীৰ এগৰাকী অধিবক্তা লক্ষ্য ধীৰৰ মতে অৱশ্যে ইয়াৰ জৰিয়তে আৰক্ষীৰ অধিকাৰ খৰ্ব কৰিব বিচৰা নাই।অধিবক্তাগৰাকীৰ মতে
‘১৫ নং ধাৰা অনুসৰি ,বাল্য বিবাহৰ অপৰাধ জামিনবিহীন আৰু ইয়াৰ লগত জড়িত অপৰাধীক কোনো ৱাৰেণ্ট অবিহনেই গ্ৰেপ্তাৰ কৰিব পাৰি।’অসমৰ গৰিষ্ঠসংখ্যক জিলাতে কোনো মহিলাকে বাল্যবিবাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হোৱা নাই।সোমবাৰৰ দিনটোত ৰাজ্যখনৰ ৩৫ খন জিলাৰ ৯ খন জিলাতহে মহিলা গ্ৰেপ্তাৰৰ তথ্য পোৱা গৈছে।
বাস্কা জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ মতে বেছিভাগ গ্ৰেপ্তাৰৰ ক্ষেত্ৰতে বাল্যবিবাহত বহা স্বামী বা পত্নী গৰাকীৰ মাতৃ জড়িত আছে।ৰাজেন সিঙে কয় ‘ তেওঁলোকে এই বিবাহক উৎসাহিত কৰিছে। উৎসাহিত কৰা সকলৰ অধিকাংশই দৰা বা কইনাৰ মাতৃ৷আমি আনকি এই বিবাহত আগভাগ লোৱা সকলকো গ্ৰেপ্তাৰ কৰিছোঁ।মাতৃ-পিতৃ অথবা বিবাহক উৎসাহিত কৰা আন সম্বন্ধীয়কো গ্ৰেপ্তাৰ কৰিছোঁ।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.