Investigative reporting with dedication.

আকৌ বিচাৰ চলিব অখিল গগৈৰ বিৰুদ্ধে।নিয়াৰ আদালতত চলিব গোচৰ।কা বিৰোধী আন্দোলনৰ সময়ত চলিছিল গোচৰ ।নিয়াৰ আদালতে খাৰিজ কৰিছিল গোচৰ ।নিয়া দাৰস্থ হৈছিল উচ্চ ন্যায়ালয়ৰ ।উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান নিয়াৰ আদালতত চলিব গোচৰ ২৩ ফেব্ৰুৱাৰীত জামিন আবেদন কৰিব লাগিব অখিল গগৈয়ে ।কা বিৰোধী আন্দোলনৰ সময়ত নিয়াই গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈ , ধৈৰ্য কোৱৰ , মানস কোৱৰ , বিতু সোণোৱালক ।২০১৯ চনৰ ডিচেম্বৰ মাহত গ্ৰেপ্তাৰ হোৱাৰ পাছত ডেৰ বছৰ কাৰাগাৰত আছিল অখিল গগৈ ।জেলৰ পৰাই বিধায়ক নিৰ্বাচিত হৈছিল অখিল গগৈ । তাৰ পাছত নিয়াৰ আদালতে নিয়াৰ গোচৰক খাৰিজ কৰি দিছিল।ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল নিয়া ৷ উচ্চ ন্যায়ালয়ে নিয়াৰ আদালতত পুনৰ গোচৰ চলোৱাৰ অনুমতি প্ৰদান কৰে ।




