পুনৰ দেউলীয়া ASTC

Share This Article

পুনৰ দেউলীয়া হ’ল অসম ৰাজ্যিক পৰিবহণ নিগম ।গভীৰ সংকটত অসম ৰাজ্যিক পৰিবহণ নিগম ।এপদ দুপদকৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ সম্পত্তি ব্যক্তিগত কোম্পানীলৈ যোৱা আৰম্ভ হৈছে বহুত দিনৰ পৰাই ! এইবাৰ ১ জুনৰ পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি।কিমান আৰু লিখিম অসম ৰাজ্যিক পৰিবহণ নিগমৰ সংকটৰ কথা ।চৰম বিত্তীয় সংকটৰ পৰা হাত সাৰিবলৈ বিষয়া-কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ ল’বলৈ বাধ্য কৰাইছে । যাকে লৈ চৰকাৰ তীব্ৰ সমালোচনা ৰাইজৰ দলৰ । শীঘ্ৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ভূমি যাব বনিয়াৰ হাতলৈ । ১ জুনৰ পৰা পৰিবহণ নিগমত কৰ্মৰত ৭৭১গৰাকী কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি। ইফালে ১৯৫০ চনতে স্থাপন হোৱা পল্টন বজাৰস্থিত ASTC ও গ’ল ৰেলৱেৰ হাতলৈ ।আনহাতে অসম ৰাজ্যিক পৰিবহণ নিগমক ব্যক্তিগতকৰণ কৰাৰ পদক্ষেপ হিচাপে অসম চৰকাৰে নিগমৰ দুশখন ইলেক্ট্ৰিক বাছ লীজত দিয়াৰ সিদ্ধান্ত লৈছে । অকল এই দুশখন ইলেক্ট্ৰিক বাছেই নহয় সম্প্ৰতি চলাচল বন্ধ হৈ থকা নিগমৰ প্ৰায় ২২০ খন পুৰণি বাছ লীজত দিয়াৰ বাবেও যাৱতীয় ব্যৱস্থা লৈছে চৰকাৰে।ৰাইজৰ দলৰ প্ৰশ্ন ভাৰতবৰ্ষৰ কোন ৰাজ্যই এনেকৈ ব্যক্তিগত কোম্পানীক পৰিবহণ বিভাগ এটা হস্তান্তৰ কৰিছে ?সমগ্ৰ অসমত ৭৪০বিঘা ভূমি আছে পৰিবহণ বিভাগৰ। এই মাটি এতিয়া চৰকাৰে কাক দিয়াৰ ষড়যন্ত্ৰ কৰিছে ? অসম ৰাজ্যিক পৰিবহণ নিগমে ২০২১-২২ বিত্তীয় বৰ্ষত ৮০ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে নিগমৰ ব্যয় হয় ১৮৬ কোটি টকা।য’ত কেৱল বিষয়া-কৰ্মচাৰীৰ দৰমহাতে ব্যয় হয় ১০০ কোটি টকা।এতিয়া প্ৰশ্ন হয় যে কিয় চৰকাৰে দায়িত্ব লোৱা নাই অসম ৰাজ্যিক পৰিবহণ নিগমৰ। কি হ’ব পৰিবহণ নিগমত কৰ্মৰত কৰ্মচাৰীৰ ভৱিষ্যৎ ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.