পুনৰ ছাভাৰকাৰ বিতৰ্ক !

Share This Article

ৰাহুল গান্ধীৰ এটা মন্তব্যই যতি পেলাব নেকি বিৰোধী ঐক্যত ?উল্লেখ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিগত শনিবাৰে তেওঁৰ লোকসভাৰ সাংসদ পদ খাৰিজ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন কৰে।সেই সংবাদমেলতে ৰাহুল গান্ধীয়ে ২০১৯ চনৰ এটা বক্তব্যৰ বাবে বিজেপিয়ে ক্ষমা খোজাৰ বিষয়টো উত্থাপন কৰি অহাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁ গান্ধী হয়,তেওঁ ছাভাৰকাৰ নহয় যে তেওঁ ক্ষমা খুজিব।ৰাহুল গান্ধীৰ এই মন্তব্যত খড়্গহস্ত হৈছে শিৱসেনাৰ প্ৰধান উদ্ধৱ থাকৰে ।ইতিমধ্যে শিৱসেনাই ৰাহুল গান্ধীৰ এই মন্তব্যক গৰিহণা দিছে।উদ্ধৱ থাকৰেই কয় যে ছাভাৰকাৰ তেওঁলোকৰ বাবে ‘আদৰ্শ’ আৰু সেয়ে কংগ্ৰেছ নেতাগৰাকীক তেওঁক উপহাস কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়৷থাকৰেই লগতে কয় যে মহা বিকাশ অঘদী হ’ল তিনিটা দলৰ ঐক্যবদ্ধ জোঁট৷এই জোঁটত আছে সেনা,কংগ্ৰেছ আৰু নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টি।সোমবাৰে মালেগাঁৱৰ এক মুছলমান অধ্যুষিত অঞ্চলত অনুষ্ঠিত এক সভাত অংশ লৈ থাকৰেই কয় ‘ ছাভাৰকাৰ আমাৰ আদৰ্শ।তেওঁক কোনোবাই উপলুঙা কৰাটো সহ্য কৰা নহ’ব।ছাভাৰকাৰে আন্দামানৰ কাৰাগাৰত প্ৰায় ১৪ বছৰ অমানৱীয় অত্যাচাৰৰ সন্মুখীন হৈছিল।আমি তেওঁৰ ওপৰত হোৱা সেই নিৰ্যাতন পঢ়িবলৈ পাইছোঁ,সেয়া আছিল তেওঁৰ চৰম ত্যাগ।’থাকৰেই লগতে কয়’ মই ৰাহুল গান্ধীক ক’ব বিচাৰিছোঁ যে আমি দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে ঐক্যবদ্ধ হৈছোঁ।কিন্তু আপুনি তাত উচতনি দিছে।এইবাৰ যদি আমি সুযোগ হেৰুৱাওঁ তেন্তে ২০২৪ চনেই হ’ব দেশৰ শেষৰটো নিৰ্বাচন ।’সোমবাৰে শিৱসেনাৰ আন এগৰাকী নেতা সঞ্জয় ৰাৱটে কয় ৰাহুল গান্ধীয়ে এইটো ‘ভুল মন্তব্য’ দিছে।ৰাৱটে কয় ‘ ছাভাৰকাৰ আমাৰ অনুপ্ৰেৰণা।মই ৰাহুল গান্ধীৰ লগত এই সন্দৰ্ভত আলোচনাত বহিম।’ৰাৱটে পুনৰ কয় ‘ এইটো ভুল বক্তব্য৷তেওঁ গান্ধী হয় কিন্তু এই বিষয়ত ছাভাৰকাৰক টনাৰ কোনো প্ৰয়োজন নাছিল ।আমাৰ এই যুদ্ধৰ পিছত আছে ছত্ৰপতি শিৱাজী আৰু বীৰ ছাভাৰকাৰৰ অনুপ্ৰেৰণা।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.