পুনৰ ‘আৱিৰ্ভাৱ’ হাগ্ৰামাৰ !

Share This Article

কোকৰাঝাৰত উদযাপিত হৈছে ২১ সংখ্যক বিটিচি চুক্তি দিৱস।বিপিএফ দলৰ উদ্যোগত উদযাপন কৰা হয় এই বিটিচি চুক্তি দিৱস ।উল্লেখ্য যে ,কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু প্ৰাক্তন বিএলটিৰ মাজত বিগত ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত অৰ্থাৎ আজিৰ এই দিনটোতে সম্পাদিত হৈছিল ঐতিহাসিক বিটিচি চুক্তি ।বডোফা নগৰৰ বিটিচি সচিবালয়ৰ প্ৰাংগণত ৰাতিপুৱা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যপৰ্ণৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী।ইয়াৰ পাছতে দেৱৰগাঁওস্থিত বড়োলেণ্ড শ্বহীদৰ স্মৃতিসৌধত পুস্পাৰ্ঘ অৰ্পণ, ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ।হাগ্ৰামা মহিলাৰীৰ কয় ‘বিটিচি চুক্তি পালন কৰাটো সাংবিধানিক দায়িত্ব।আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ আৰু মঙ্গলদৈ লোকসভা সমষ্টিত বিপিএফে নিজাববীয়া প্ৰাৰ্থী দিব।’তদুপৰি বৰ্তমানৰ বিটিচি মূৰব্বী প্ৰমোদ বড়ো সম্পৰ্কত তেওঁ কয় ‘প্ৰমোদ বড়ো বেপাৰী মানুহ।
চৰকাৰী ধনৰ অপব্যৱহাৰ কৰিছে।অডিটত প্ৰমোদ বড়ো চৰকাৰ ফচিব । ব্যক্তিগত খণ্ডৰ কোম্পানীৰ দ্বাৰা অডিট নহয়।নিজৰ মুৰ্খামিৰ পৰিচয় দিছে প্ৰমোদ বড়োৱে।হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ ব্যক্তিগতভাৱে ভাল সম্পৰ্ক , ৰাজনীতিত বেলেগ।ৰাজনীতিত সম্পৰ্কবোৰ আজি আছে কালি নাই , চিৰস্থায়ী নহয়।আৰএচএচৰ লগত মোৰ আগৰ পৰাই সম্পৰ্ক, লগ ধৰিব হে গৈছিলো।হাগ্ৰামা মহিলাৰী বিজেপিত নাযায়।কেতিয়াও নাযায়।উচ্ছেদৰ বিষয়ে প্ৰমোদ বড়ো ভালকৈ জানে । প্ৰমোদ বড়োৱে জনাইছে হাইকৰ্টত । কোকৰাঝাৰ , চিৰাঙত কত জংঘল আছে কত নদী , পাহাৰ আছে সেয়া দিছপুৰ, হাইকৰ্টে নাজানে।’বহুদিনৰ বিৰতিত আজি চিৰাং জিলাৰ কাজলগাঁৱত অনুষ্ঠিত হ’ব বিপিএফৰ কাৰ্যনিৰ্বাহক সভা।কাৰ্যনিৰ্বাহক সভাত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব বুলিও কয় প্ৰাক্তন বিটিআৰৰ মূৰব্বীজনে।আজিৰ অনুষ্ঠানত বিপিএফৰ দলীয় নেতা কৰ্মীৰ লগতে বিধায়ক ৰবিৰাম নাৰ্জাৰী , প্ৰাক্তন মন্ত্ৰী তথা বিপিএফৰ জ্যেষ্ঠ নেত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, পাৰিষদ দনেশ্বৰ গয়াৰী ,প্ৰকাশ বসুমতাৰী, বিৰোধী দলপতি তথা পাৰিষদ দেৰহাচাৎ বসুমতাৰী প্ৰমূখ্য বহু ব্যক্তি উপস্থিত থাকে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.