পুত্ৰৰ কথা নুশুনি বিপদত পিতৃ !

Share This Article

 

তেলেংগানাত কংগ্ৰেছৰ বিপুল জয়ৰ বিপৰীতে ভয়ংকৰভাৱে মুখথেকেঁচা খালে ভাৰত ৰাষ্ট্ৰ সমিতিয়ে । ভাৰত ৰাষ্ট্ৰ সমিতিৰ মূৰব্বী কে চন্দ্ৰশেখৰ ৰাওৰ তেলেংগানা গঠনৰ ক্ষেত্ৰত সৰ্বাধিক অৱদান আছিল । তেওঁৰ নেতৃত্বতে তেলেংগানা গঠনৰ পৰাই অৰ্থাৎ ২০১৪ চনৰ পৰাই তেওঁৰ দলৰ চৰকাৰ আছিল৷চৰকাৰ গঠনৰ পৰাই তেওঁ তেলেংগানাত অবিসম্বাদী নেতা হিচাপে তেলেংগানাৰ উন্নয়নত অৰিহণা যোগাই আহিছে। সেয়ে প্ৰায় ৬ টা মাহৰ আগলৈকে তেলেংগানাত কেচিআৰৰ বাহিৰে আন কোনো দল ক্ষমতালৈ অহাৰ কোনো সম্ভাৱনাই নাছিল।কিন্তু হঠাৎ ৬ টা মাহৰ পিছতেই তেলেংগানাৰ ৰাজনীতি ওলটপালট হৈ পৰিল । হঠাৎ তেলেংগানাত ভৰিৰ তলৰ মাটি হেৰুৱালে কেচিআৰে। তেওঁৰ কন্যা কে কবিতাক দিল্লীৰ আবকাৰী গোচৰ সম্পৰ্কত ইডিয়ে দুবাৰ সোধাপোচাৰ বাবে মাতিছিল যদিও কিন্তু ইয়াৰ পিছত কে কবিতাৰ বিৰুদ্ধে থকা অভিযোগ তল পৰিল।ইয়াৰ পিছতেই তেলেংগানাত কংগ্ৰেছে BRS,AIMIM আৰু বিজেপি একেই বুলি নিৰ্বাচনী প্ৰচাৰ চলোৱা আৰম্ভ কৰিলে । আনকি কিছু কিছু অঞ্চলত একো একোটা কৃত্ৰিম মুদ্ৰা প্ৰস্তুত কৰি এফালে কেচিআৰ আৰু আনফালে বিজেপিৰ নাম সন্নিৱিষ্ট কৰি দুয়োটা দলেই যে একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি সেইটো প্ৰতিপন্ন কৰিলে।কংগ্ৰেছৰ ৰণকৌশলক বাদ দিলেও তেলেংগানা পৰাজয়ৰ বাবে দায়ী মুখ্যমন্ত্ৰী কেচিআৰ নিজে৷কেচিআৰে পুত্ৰ কেটিআৰৰ কথা শুনা নাছিল । কেচিআৰৰ পুত্ৰ কেটিআৰে পিতৃক প্ৰায় ৩০ গৰাকী বিধায়কক প্ৰাৰ্থিত্ব প্ৰদান নকৰিবলৈ আহ্বান জনাইছিল। সেই অনুসৰি কেচিআৰে তেওঁলোকক ভালকৈ কাম কৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন অভিযোগৰ লগতে প্ৰতিষ্ঠানবিৰোধী ঢৌৰ পিছতো কেচিআৰে তেওঁৰ পুত্ৰৰ কথা নুশুনি সেই ৩০ গৰাকীক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আৰু ফলত সেই আটাইকেইটা সমষ্টিয়েই হেৰুৱালে কেচিআৰে ।তাৰ বিপৰীতে ১০ গৰাকী নতুন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল দলটোৱে আৰু ইয়াৰে ৯ খন আসনতেই জয়লাভ কৰিছিল দলটোৱে ।গুৰুত্বপূৰ্ণ বিষয়টো হ’ল কেচিআৰৰ দলে লাভ কৰা ৩৯ খন আসনৰ প্ৰায়সংখ্যকেেই হায়দৰাবাদ অঞ্চলৰ। গ্ৰামাঞ্চলত ভোট লাভ কৰা নাই দলটোৱে।তেলেংগানাত প্ৰকৃতাৰ্থত যি উন্নযন হৈছে সেয়া গাওঁকেন্দ্ৰিক নহয়। কেৱল নগৰ অঞ্চল আৰু প্ৰযুক্তিখণ্ডত যথেষ্ট উন্নয়ন হৈছে তেলেংগানাৰ। সেয়ে গ্ৰামাঞ্চলৰ ভোটবোৰ কংগ্ৰেছে লাভ কৰিলে৷কেচিআৰৰ পুত্ৰ কেটিআৰে আনকি গ্ৰামাঞ্চলত গুৰুত্ব দিবলৈ দেউতাকক কৈছিল যদিও সেয়াও অৱজ্ঞা কৰিছিল পিতৃয়ে। পুত্ৰৰ পৰামৰ্শ নুশুনাৰ ফল খুব বেয়াকৈ ভুগিলে কেচিআৰে। 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.