পিষ্টলসহ গ্ৰেপ্তাৰ ২জন

Share This Article

ক্ৰিকেটাৰৰ বেশত আৰক্ষীয়ে চলাইছিল অভিযান৷নগাঁৱৰ বৰঘাটত 7.5 পিষ্টল, পাঁচ জাঁই সজীৱ গুলী উদ্ধাৰ।লগতে কৰায়ত্ত হ’ল নাগালেণ্ডৰ দুই অস্ত্ৰ সৰবৰাহকাৰী।
নগাঁৱৰ বৰঘাটৰ SIMS হাস্পতালৰ ওচৰত গোপন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰে পিষ্টল, গুলী সহ দুই অস্ত্ৰ সৰবৰাহকাৰীক।অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত চলা অভিযানত আৰক্ষীয়ে ক্ৰিকেটাৰৰ বেশত চলাইছিল অভিযান।আৰক্ষীয়ে কৰায়ত্ত কৰা দুই অপৰাধী ক্ৰমে ইম্পটা গুম্পা আৰু ইমনা ।দুয়োৰে ঘৰ নাগালেণ্ডৰ মকচুং জিলাৰ লংপাত।।ইম্পটা গুম্পা পূৰ্বে নাগালেণ্ডৰ । RBNত কৰ্মৰত আছিল।পিছলৈ চাকৰি অবসৰ লৈ অস্ত্ৰ সৰবৰাহৰে জড়িত হৈ পৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.