পাপৰ পৰা মুক্ত হ’বলৈ নামাজ !

প্ৰায়ে বিতৰ্কিত মন্তব্য দি চৰ্চাত থকা ৰামদেৱে মুছলমানক লৈ এইবাৰ পুনৰ আপত্তিজনক মন্তব্য কৰিছে।ৰামদেৱে কয় যে মুছলমান সকলে বিশ্বাস কৰে নামাজ পঢ়িলে সকলো পাপৰ পৰা নিজকে মুক্ত কৰিব পাৰি।যিকোনো অপৰাধ অথবা সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত হৈ মছজিদত নামাজ পঢ়ি পাপ খণ্ডন কৰে মুছলমানে।ৰাজস্থানৰ বাৰ্মাৰ চিটিত এক অনুষ্ঠানত অংশ লৈ তেওঁ ইয়াৰ আগতেও খ্ৰীষ্টান সম্পৰ্কত আপত্তিজনক মন্তব্য কৰিছিল।শেহতীয়াকৈ মুছলমান সম্পৰ্কত তেওঁ মন্তব্য দি কৈছিল ‘ মুছলমানে বহুত পাপ কৰে কিন্তু নিয়মীয়াকৈ নামাজ পঢ়ে।’যোগগুৰু জনে লগতে কয় ” মুছলমান সকলক শিকোৱা হয় যে প্ৰাৰ্থনা কৰা আৰু তাৰ পিছত যি মন যায় তাকে কৰা।তেওঁলোকৰ সৰহসংখ্যকেই হয় সন্ত্ৰাসবাদী অথবা অপৰাধী হয়।”
ঠিক সেইদৰে ৰামদেৱে খ্ৰীষ্টানসকলৰ বিষয়টো উল্লেখ কৰি কয় যে তেওঁলোকে বিশ্বাস কৰে গীৰ্জাত মম জ্বলালেই পাপৰ মৰা মুক্তি লাভ কৰিব পাৰি।’দ্যা চেণ্টাৰ ফৰ জাষ্টিচ এণ্ড পিছ’ নামৰ এটা বেচৰকাৰী সংগঠনৰ তৰফৰ পৰা শুকুৰবাৰে কোৱা হয় যে ৰামদেৱে তেওঁৰ এই মুছলমান বিৰোধী মন্তব্যৰ জৰিয়তে হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত আৰু আগ্ৰহী কৰিব বিচাৰিছে সাধাৰণ জনতাক।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296