‘পাপ্পু’ৱেই পতন মাতিব বিজেপিৰ ?

Share This Article

কৰ্ণাটকৰ নিৰ্বাচনক ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ কোৱাৰ্টাৰ ফাইনেল হিচাপে ইমান দিনে ঘোষণা কৰি অহা বিজেপিয়ে যেন নিজৰ কথাতেই উজুটি খাইছে।হিণ্ডেনবাৰ্গ ৰিছাৰ্ছৰ ৰিপৰ্টত প্ৰধানমন্ত্ৰী মোডী আৰু ব্যৱসায়ী গৌতম আদানিৰ মাজৰ সম্পৰ্কক লৈ যি তথ্য প্ৰকাশ পাইছিল,সেই তথ্যই দেশৰ ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত কৰি তুলিছিল। প্ৰধান বিৰোধী দল কংগ্ৰেছে এই বিষয়টোক লৈ যথেষ্ট প্ৰতিবাদ কৰাৰ লগতে যুটীয়া সংসদীয় সমিতি গঠনৰো দাবী জনাইছিল।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই বিষয়ত যথেষ্ট সৰৱ ভূমিকা লৈছিল।সংসদৰ অধিৱেশনত প্ৰতিদিনেই ৰাহুল গান্ধীয়ে মোডী -আদানি সম্পৰ্কত প্ৰশ্ন কৰিছিল যিটোৱে অস্বস্তিত পেলাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বিজেপি দলৰ ৩০৩ গৰাকী সাংসদক !ইয়াৰ পৰা পৰিত্ৰাণৰ উদ্দেশ্যে ২০১৯ চনৰ মোডী উপাধি সম্পৰ্কীয় এক গোচৰৰ ৰায় প্ৰদান কৰে চুৰাট আদালতে ।আদালতে পূৰ্ণেশ মোডীৰ গোচৰৰ ভিত্তিত হোৱা বিচাৰৰ ৰায় প্ৰদান কৰি ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ড বিহে।বিগত ২৩ মাৰ্চত ঘোষিত হোৱা এই ৰায়ৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই লোকসভা সচিবালয়ে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰে।ৰাহুল গান্ধীৰ ক্ষেত্ৰত এই তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণৰ উদ্দেশ্য আছিল ৰাহুল গান্ধীয়ে যাতে আৰু সদনত মোডী – আদানি সম্পৰ্কত আগন্তুক ২০২৪ চন পৰ্যন্ত প্ৰশ্ন কৰিব নোৱাৰে।কিন্তু মোডী -শ্বাহৰ এই সিদ্ধান্ত হিতে বিপৰীত হ’ল।ৰাহুল গান্ধীৰ পদ খাৰিজ,চৰকাৰী বাসভৱন খালী কৰাৰ নিৰ্দেশে চৰকাৰ খনৰ বিৰুদ্ধে আগৰেপৰাই গুজৰিগুমৰি থকা বিৰোধীক যেন একত্ৰিত হোৱাৰ পথ প্ৰশস্ত কৰিলে।ৰাহুল গান্ধীৰ বিৰুদ্ধে হোৱা এই অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ একেলগে ঠিয় হ’ল কংগ্ৰেছৰ পৰা এক দূৰত্ব বৰ্তাই ৰখা আম আদমি পাৰ্টি তথা মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছো।দেশৰ মুঠ ১৭ টা বিৰোধী দল এই সিদ্ধান্তৰ বিৰোধিতাৰে একত্ৰিত হ’ল।
সমগ্ৰ দেশতেই চৰকাৰৰ এই পক্ষপাতিত্বমূলক পদক্ষেপৰ বিৰোধিতা কৰা হ’ল।কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ পদযাত্ৰা কৰি যথেষ্ট গণসমৰ্থন লাভ কৰা ৰাহুল গান্ধীৰ হৈ মাত দিলে দেশৰ একাংশ সাধাৰণ লোকেও যাৰ স্পষ্ট প্ৰতিফলন ঘটিল কৰ্ণাটকত ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰা ৰেলীত।শেহতীয়াকৈ ৰাহুল গান্ধীয়ে কৰ্ণাটকত অংশ লোৱা নিৰ্বাচনী ৰেলীত ৰাহুল গান্ধী যে বিজেপিয়ে সৃষ্টি কৰিব খোজা ধাৰণাৰ দৰে ‘পাপ্পু’ হৈ থকা নাই সেইটো স্পষ্ট হ’ল।
ৰাহুল গান্ধী সঁচাই ‘পাপ্পু’ নে? আনলৈ হুল পুতি ,বিজেপি নিজেই মৰিল ফুটি ! বিশ্বৰ দৃষ্টিত ‘পাপ্পু’ সজাব খোজা ৰাহুল গান্ধীৰ সন্মুখত মোডী-শ্বাহ যুটিহে হ’লগৈ নেকি পাপ্পু?
২০১৩ চনত গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰথমে ৰাহুল গান্ধীক ‘পাপ্পু’ আখ্যা দিছিল।কিন্তু সেই ‘পাপ্পু’য়েই এতিয়া কৰ্ণাটকত হৈ পৰিছে মূৰৰ কামোৰণি ।একেটা দিনতে অনুষ্ঠিত ৰাহুল গান্ধীৰ ৰেলীত হাজাৰ হাজাৰ লোক সমৱেত হোৱাৰ বিপৰীতে বিজেপিৰ ৰেলীত বিশৃংখলতাই বিৰাজ কৰিলে কৰ্ণাটকত।আনকি বিজেপিৰ চিহ্নযুক্ত আৰু প্ৰচাৰ অভিযানত ব্যৱহৃত গাড়ীলৈ চেণ্ডেল-জোতা দলিয়ালে বিজেপি কৰ্মীয়েই।আশ্চৰ্যজনকভাৱে প্ৰধানমন্ত্ৰী মোডী আৰু ৰাহুল গান্ধীৰ সামাজিক মাধ্যমত জনপ্ৰিয়তাৰ তুলাচনীলৈ যদি শেহতীয়াকৈ চোৱা হয় তাতো ৰাহুল গান্ধীৰ জনপ্ৰিয়তা বৃদ্ধিৰ বিষয়টো স্পষ্ট হয়।বিগত বৰ্ষত ৰাহুল গান্ধীৰ টুইটাৰত অনুগামী আছিল ২০ মিলিয়ন,সেই সংখ্যা বৃদ্ধি হৈ বৰ্তমান হৈছেগৈ ২৩.৩ মিলিয়ন।তাৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোডীৰ অনুগামী আছে ৮৮ মিলিয়ন কিন্তু লাইক,ৰিটুইটৰ ক্ষেত্ৰত ৰাহুল গান্ধী যথেষ্ট আগবাঢ়ি থকাটো পৰিলক্ষিত হৈছে।মুঠতে সাতে সোতৰই মিলি কৰ্ণাটকে বিজেপিলৈ যে ভাল দিন আনিব তাত সন্দেহ আছে !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.