পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ পাছতেই আপোনাৰ বাবে কি বেয়া খবৰ ৰৈ আছে?

Share This Article

চলি আছে উত্তৰ প্ৰদেশ,পঞ্জাৱ, গোৱাকে ধৰি পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন।নিতৌ শাসক বিৰোধীয়ে অব্যাহত ৰাখিছে প্ৰতিপক্ষৰ প্ৰতি আক্ৰমণ প্ৰত্যাক্ৰমন।কিন্তু এই পাঁচ ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পাছতেই আপোনাৰ বাবে ৰৈ আছে এটা বেয়া খবৰে।যি বেয়া খবৰে অৰ্থনৈতিকভাবে অধিক জুৰুলা কৰিব আপোনাক। ৰাজ্যত বা দেশত নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত বয়-বস্তুৰ মূল্য বৃদ্ধি হোৱাটো যেন এতিয়া স্বাভাৱিক কথা।নিৰ্বাচনৰ নামত বৃহৎ বৃহৎ কৰ্পৰেট সমূহৰ পৰা কোটি কোটি টকাৰ চান্দা সংগ্ৰহ কৰাৰ পাছত সেই ধন কৰ্পৰেট সমূহে উঠায় লয় সাধাৰণ নাগৰিকৰ পৰা।উত্তৰপ্ৰদেশকে ধৰি দেশৰ পাঁচখন ৰাজ্যত আৰম্ভ হৈছে বিধানসভা নিৰ্বাচন।মাৰ্চৰ ১০ তাৰিখে ঘোষণা হব এই নিৰ্বাচনৰ ফলাফল।দেশৰ সৰ্ববৃহৎ ইন্ধন খুচুৰা কোম্পানীসমূহে মাৰ্চ মাহত উত্তৰ প্ৰদেশকে ধৰি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পিছত ফলাফল ঘোষণাৰ পূৰ্বেই পেট্ৰ’ল আৰু ডিজেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।উল্লেখযোগ্য যে দেশত তিনি মাহধৰি মূল্য বৃদ্ধি হোৱা নাই ইন্ধনৰ।আন্তৰ্জাতিক মূল্য বৃদ্ধি হোৱা স্বত্বেও এই কম্পেনীসমূহে তিনি মাহতকৈ অধিক সময় ধৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা নাই।
ইউক্ৰেইনত ৰাছিয়াৰ সম্ভাব্য আক্ৰমণ আৰু খাৰুৱা তেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ পাচতে বিশ্বৰ বিভিন্ন শ্বেয়াৰ বজাৰত বিপৰ্যয়ৰ সূচনা হয়।এই বিপৰ্যয়ৰ পৰা ৰক্ষা নাপালে মুম্বাই ষ্টক এক্সচেঞ্জ আৰু নেচনেল ষ্টক এক্সচেঞ্জো।একেটা দিনতে বিনিয়োগকাৰী লোকচানৰ সন্মুখীন হয় প্ৰায় ৮.২৯ লাখ কোটি টকা।২০২২ বছৰটোত শ্বেয়াৰ বজাৰত এয়া প্ৰথমটো বৃহৎ খহনীয়া।ছেনচেক্সৰ ৩০ টা ব্লুশ্বিপ কম্পেনীৰ ভিতৰত কেৱল টি চি এছৰ শ্বেয়াৰ মূল্য ১.০৫ শতাংশ বৃদ্ধি পায়। বাকী ২৯টা কোম্পানীৰে শ্বেয়াৰ মূল্য দ্রুত হ্রাস পায়।বোম্বে ষ্টক এক্সচেঞ্জৰ ছেনচেক্স ১,৭৪৭ পইন্ট হ্রাস পাই হয়গৈ ৫৬,৪০৫ পইন্ট। নেচনেল ষ্টক এক্সচেঞ্জৰ নিফটি ৫৩১ পইন্ট হ্রাস পাই হয়গৈ ১৬,৮৪২ পইন্ট। ভাৰতীয় ষ্টেট বেংকৰ শ্বেয়াৰ ৫.২ শতাংশ, এইচ ডি এফ চিৰ ৫.৩ শতাংশ আৰু আই চি আই চি আই বেংকৰ শ্বেয়াৰ ৪.৫০ শতাংশ পর্যন্ত হাস পোৱাৰ পিচত বজাৰত নিৰাশাৰ সৃষ্টি হয়।উল্লেখ্য যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সামৰিক উত্তেজনা বৃদ্ধি পোৱাৰ পাছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে প্ৰাদন কৰা কঠোৰ সকীয়নিৰ পাচত আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য দ্ৰুত উৰ্ধমুখী হৈ পৰে।যিকোনো মুহূৰ্তত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১০০ ডলাৰ অতিক্ৰম কৰাৰ আশংকা তীব্ৰ হৈ পৰিছে। আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ ফলত যিকোনো মুহূৰ্ততে ভাৰতত পেট্ৰ’ল ডিজেলৰ মূল্য ব্যাপক বৃদ্ধি ঘটাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।আই আই এফ এল চিকিঅৰিটিজৰ উপ সচিব অনুজ গুপ্তাই কয় যে আগন্তুক সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১০০ ডলাৰলৈ উৰ্ধগামী হ’ব পাৰে। অৰ্থাৎ ভাৰতীয় মূল্যত এই পৰিমাণ হব ৭৫৪৮.৭৭ টকা।ফলত পেট্ৰল ডিজেলৰ মূল্য প্ৰতি লিটাৰত পোন্ধৰ টকা পৰ্যন্ত বৃদ্ধি হ’ব পাৰে।আন্তৰ্জাতিক বজাৰ বিশেষজ্ঞ দেৱাশীষ মিশ্ৰই কয় যে ৫ ৰাজ্যৰ নিৰ্বাচনী প্রক্রিয়া চলি থকাৰ বাবে পেট্ৰ’ল ডিজেলৰ কোম্পানীবোৰ ইন্ধনৰ দাম বৃদ্ধিৰ পৰা বিৰত আছে যদিও নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বেই ইতিমধ্যে সম্মুখীন হোৱা লোকচন পূৰণৰ বাবে অভাবনীয় হাৰত পেট্ট’ সামগ্ৰীৰ মূল্যবৃদ্ধিত হাত দিব কোম্পনীসমূহে। ইতিমধ্যে পেট্ সামগ্ৰীৰ চৰা দামে মুাস্ফীতিত ব্যাপক ইন্ধন যোগাইছে। জানুৱাৰী মাহত খুচুৰা মুদ্রাস্ফীতি ৬.০১ শতাংশলে বৃছি ঘটিছে।ছমাহৰ ভিতৰত এই বৃদ্ধি সর্বাধিক।খাদ্য সামগ্ৰীৰ দ্ৰুত মূল্যবৃদ্ধিৰ বাবেই মুদ্ৰাস্ফীতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰে। ডিচেম্বৰ মাহত এই হাৰ আছিল ৫.৫৯ শতাংশ।উল্লেখযোগ্য যে বিগত বৰ্ষৰ জুলাই মাহত মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৬.৬০ শতাশ।যি হাৰ আছিল ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্ধাৰণ কৰা আনুমানিক হাৰতকৈ অধিক।বিশেষজ্ঞ সকলে অনুমান কৰাৰ দৰে যদি পুনৰ মুদ্ৰাস্ফীতি ঘটে তেনহলে তাক ভাৰত চৰকাৰ কিম্বা ৰিজাৰ্ভ বেংকেও নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ প্ৰায় হৈ পৰিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.