প’ষ্টাৰত কঁপিছে দিল্লী

Share This Article

দিল্লীত আৰম্ভ হৈছে প’ষ্টাৰ যুদ্ধ।দিল্লীৰ উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়া আৰু আন এগৰাকী আপ নেতা সত্যেন্দ্ৰ জৈনক সমৰ্থন কৰি যদি কোনোবাই প’ষ্টাৰ লগাইছে,আন কোনোবাই প’ষ্টাৰ লগাইছে ইয়াৰ বিৰোধিতাৰে।বিজেপি দলে দাবী কৰিছে যে দিল্লীৰ চৰকাৰী বিদ্যালয়ত দিল্লী চৰকাৰে ‘ I Love Manish Sisodia ‘ বুলি লিখা প’ষ্টাৰ লগোৱাইছে।অৱশ্যে বিজেপিৰ এই দাবীৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছে আপে।আনহাতে,আপ দলৰ গ্ৰেপ্তাৰ হোৱা উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াক লক্ষ্য কৰি বিৰোধী দল কংগ্ৰেছে লগাইছে আন এক প’ষ্টাৰ৷ছিছ’ডিয়া আৰু সত্যেন্দ্ৰ জৈনক এই প’ষ্টাৰত কাৰাগাৰৰ ভিতৰত দেখা গৈছে আৰু প’ষ্টাৰত লিখা আছে ‘ য’ ভ্ৰষ্টাচাৰী হ্যে,ৱহী দেচদ্ৰোহী হ্যেয়।’দিল্লী চৰকাৰৰ অধীনৰ এখন বিদ্যালয়ৰ মূল দ্বাৰত ছিছ’ডিয়াৰ সমৰ্থনত প’ষ্টাৰ লগোৱাৰ পিছতে কংগ্ৰেছে এই প’ষ্টাৰ পৰ্ব আৰম্ভ কৰে৷ইতিমধ্যে বিদ্যালয়ৰ অধ্যক্ষ আৰু পৰিচালনা সমিতিৰ বিৰুদ্ধে এক গোচৰো পঞ্জীয়ন কৰা হৈছে।দিল্লী আৰক্ষীয়ে অধ্যক্ষ আৰু পৰিচালনা সমিতিক এই বিষয়ে সোধাপোচা কৰিব।সংবাদ প্ৰতিষ্ঠান PTI এ আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ উদ্ধৃতি দি কয় ‘ তদন্তৰ অংশ হিচাপে আমি বিদ্যালয়ৰ অধ্যক্ষ আৰু পৰিচালনা সমিতিক প্ৰশ্ন কৰিম।তেওঁলোকক এই ঘটনা সম্পৰ্কত সোধাপোছা কৰা হ’ব।’দিল্লী বিজেপিৰ ৱৰ্কিং প্ৰেছিডেণ্ট বীৰেন্দ্ৰ চচদেৱই কয়’ অবৈধ সুৰা নীতি আৰু দুৰ্নীতিয়ে সমাজত অশুভ আৰু অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷সেয়ে আমি দৌলোৎসৱ উপলক্ষে এক প্ৰতীক দাহ কৰিম৷ইয়াৰ জৰিয়তে দুৰ্নীতি নিঃশেষ কৰাৰ চেষ্টা কৰিম।’উল্লেখ্য যে দিল্লীৰ উপমুখ্যমন্ত্ৰী ছিছ’ডিয়াক চিবিআয়ে সুৰা নীতিৰ কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে।বিগত ২৮ ফেব্ৰুৱাৰীত তেওঁ উপমুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.