পঞ্চপাণ্ডৱ নহয়, এইবাৰ ৰাজনীতিত পঞ্চগান্ধীহে !

Share This Article

এজন গান্ধীয়েই জ্বলাকলা খুৱাইছে বিজেপি দলটোক । একেটা সময়তে গান্ধী বুলি ক’লেই পেটতে হাতভৰি লুকুৱাৰ দৰে পৰিস্থিতি হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ৷সেই সময়তে ৫ গৰাকী গান্ধী লগ লাগিব বিজেপিৰ বিৰুদ্ধে৷কোন এই ৫ গৰাকী গান্ধী?কংগ্ৰেছ দলৰ অধ্যক্ষা ছোনিয়া গান্ধী,কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে যিহেতু কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰে,তেওঁলোক বিজেপি বিৰোধী স্থিতি লোৱাটো নিশ্চিত আৰু ই খুবেই স্বাভাবিক । কিন্তু এই তিনিগৰাকী গান্ধীৰ বাহিৰেও আছে আৰু দুগৰাকী গান্ধী । এই দুগৰাকী গান্ধীও আছে সক্ৰিয় ৰাজনীতিত । ভাৰতীয় ৰাজনীতিত তেওঁলোকো পুৰণি৷তাৰে এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু আন গৰাকী সাংসদ । প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বোৱাৰী মেনকা গান্ধী আৰু তেওঁঁৰ পুত্ৰ বৰণ গান্ধীয়ে এইবাৰ লৈছে বিজেপি বিৰোধী স্থিতি । বিজেপিৰ বহুবোৰ সিদ্ধান্ত তথা স্থিতিক সমালোচনা কৰি আহিছে দুয়োগৰাকী নেতাই । উল্লেখ্য যে মেনকা গান্ধী উত্তৰ প্ৰদেশৰ চুলতানপুৰ লোকসভা সমষ্টিৰ সাংসদ হোৱাৰ বিপৰীতে পুত্ৰ বৰুণ গান্ধী পিলভিট লোকসভা সমষ্টিৰ সাংসদ । এইবাৰ সেই দুয়োটা সমষ্টিত নতুন প্ৰাৰ্থীৰ সন্ধানত নামিছে বিজেপি। তেওঁলোক দুয়োৰে স্থিতিক লৈ অসন্তুষ্ট হৈ পৰিছে বিজেপি দলটো। সেয়ে বিজেপি দলে সেই দুয়োটা সমষ্টি হেৰুওৱাৰ ভয়ত নতুন মুখৰ সন্ধান কৰিছে। উল্লেখ্য যে বিগত ছেপ্টেম্বৰ মাহত আমেথি সমষ্টিত মেনকা গান্ধীৰ স্বামী সঞ্জয় গান্ধীৰ নামত থকা এখন চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছিল উত্তৰ প্ৰদেশ চৰকাৰে  ।  কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ সমষ্টি আমেথিত অৱস্থিত চিকিৎসালয়খনত কম খৰছত ৰোগীক সেৱা আগবঢ়োৱা হয়। কিন্তু অস্ত্ৰোপচাৰৰ সময়ত এগৰাকী ৰোগীৰ মৃত্যু হোৱা বাবেই চিকিৎসালয়খনক কোনো জাননী নিদিয়াকৈ বাতিল কৰিছিল অনুজ্ঞাপত্ৰ। ফলত ৪৫০ গৰাকী কৰ্মচাৰীয়ে সংস্থাপন হেৰুওৱাৰ লগতে মেডিকেল পাঠ্যক্ৰমৰ ছাত্ৰছাত্ৰীয়ে প্ৰেকটিকেল কৰাত অসুবিধাৰ সন্মুখীন হৈছিল । চিকিৎসালয়খনৰ অনুজ্ঞাপত্ৰ বাতিলৰ বিষয়টোৰ তীব্ৰ প্ৰতিবাদ জনাইছিল দুই সাংসদ ক্ৰমে বৰুণ গান্ধী আৰু মেনকা গান্ধীয়ে। অৱশ্যে বিগত বৃহস্পতিবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে যোগী চৰকাৰৰ চিকিৎসালয় ৰ অনুজ্ঞাপত্ৰ বাতিলৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰে। তদুপৰি কিয় সেই ঘটনাৰ লগত জড়িত সংশ্লিষ্ট ব্যক্তি গৰাকীৰ বিৰুদ্ধে শাস্তি গ্ৰহণৰ পৰিবৰ্তে সমগ্ৰ চিকিৎসালয়খনকে বন্ধ কৰা হ’ল তাৰ উত্তৰ বিচাৰিছে যোগী চৰকাৰৰ পৰা। অবশ্যে বৰুণ গান্ধীয়ে এইবাৰেই প্ৰথম বিজেপি চৰকাৰৰ স্থিতিৰ বিৰোধিতা কৰা নাই,ইয়াৰ আগতেও উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক কটাক্ষ কৰি তেওঁ এগৰাকী সৈন্যাসীৰ ফোন ৰিচিভ কৰা সম্পৰ্কত মন্তব্য প্ৰদান কৰিছিল । তাকো তেওঁ এই মন্তব্য কৰিছিল ৰাজহুৱা মঞ্চত। লোকসভা নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে সিমানেই বিজেপিত বৃদ্ধি পাইছে বিসম্বাদ।  উত্তৰ প্ৰদেশৰ বিজেপিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক পৰোক্ষভাৱে আক্ৰমণ কৰিলে পিলভিটৰ বিজেপি সাংসদ বৰুণ গান্ধীয়ে । বৰুণ গান্ধীয়ে তেওঁৰ সমষ্টিৰ এক সভাত ভাষণ প্ৰদান কৰাৰ সময়ত এগৰাকী সৈন্যাসীৰ ফোনটো ৰিং হৈছিল।ফোনৰ ৰিং শুনি তেওঁ সৈন্যাসীজনক ফোনটো উঠাবলৈ কৈ কৈছিল ‘ আপোনাৰ ফোনটো গুৰুত্বপূৰ্ণও হ’ব পাৰে । গতিকে উঠাওক।’বৰুণ গান্ধীৰ এই মন্তব্য শুনি দলৰ সদস্যসকলে সৈন্যাসীজনক তাৰপৰা আঁতৰাই পঠিয়াব খুজিছিল,কিন্তু তেওঁ বাধা দি কৈছিল ‘ কি ঠিক তেওঁ আমাৰ মুখ্যমন্ত্ৰীও হৈ যাব পাৰে । তেতিয়া আমাৰ কি হ’ব?’বৰুণ গান্ধীৰ এই মন্তব্য ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পিছত সকলোৱে নিজৰ নিজৰ বাখ্যা আগবঢ়াইছে । গৰিষ্ঠসংখ্যক লোকৰ মতে তেওঁ সৈন্যাসী জনক কোৱাৰ অজুহাতত আচলতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকেই সমালোচনা কৰিছে ।কিয়নো যোগী আদিত্যনাথো এগৰাকী সৈন্যাসী আছিল। সেই সভাতেই তেওঁ ভোটাৰসকলক উদ্দেশ্যি কৈছিল ‘ভোট দিওঁতে নিজৰ মগজু ব্যৱহাৰ কৰিব। ‘জয় শ্ৰী ৰাম’ আৰু ভাৰত মাতা শ্লোগান দিলেই ভোট নিদিব। ’উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ কাৰ্যাকালে ইতিমধ্যে ৬ টা বছৰ সম্পূৰ্ণ কৰিলে কিন্তু তথাপিও আশানুৰূপ ফল লাভ কৰা নাই ৰাজ্যখনৰ জনতাই ।উত্তৰ প্ৰদেশত মুঠ ৪০৩ টা বিধানসভাৰ সমষ্টি আছে ।এই বিশাল ৰাজ্যখনৰ জনতাই যোগীৰ শাসনক লৈ যিমান সুখী হ’ব লাগিছিল সিমান কিন্তু সুখী নহয় ।পুৰাণপুৰ তেহচিলৰ এখন সভাত এটা মাহ আগতে অংশ লৈ বৰুণ গান্ধীয়ে কৈছিল যে ভাৰত মাতা কী জয় শ্লোগান দিলেই সকলো সমস্যাৰ সমাধান নহয় । কৃষক,যুৱপ্ৰজন্ম,ক্ষুদ্ৰ ব্যৱসায়ী সকল আজি ভাৰাক্ৰান্ত৷৯০% চৰকাৰী চাকৰিয়ালেই ঠিকাভিত্তিকভাৱে নিয়োজিত হৈ আছে । তেওঁলোকৰ চাকৰিৰ কোনো নিৰাপত্তা নাই । তেওঁ সেই সভাতেই কৈছিল যে গান্ধীয়ে কেতিয়াও মিঠা প্ৰতিশ্ৰুতি দি ভোট নলয় । শেহতীয়াকৈ বৰুণ গান্ধীয়ে বিজেপিক তীক্ষ্ণভাৱে সমালোচনা কৰি অহা বাবেই ৰাজনৈতিক বিশ্লেষকে ধাৰণা কৰিছে যে তেওঁ আগন্তুক নিৰ্বাচনত পিলভিটৰ কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব পাৰে ।অৱশ্যে বৰুণ গান্ধী কংগ্ৰেছলৈ অহা -নহাৰ বিষয়টো এতিয়াও স্পষ্ট হোৱা নাই যদিও কিন্তু তেওঁৰ শেহতীয়া কামকাজে তেওঁ যে বিজেপি দলৰ প্ৰতি বীতশ্ৰদ্ধ সেইটো স্পষ্ট!

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.