নৱেম্বৰতে বন্ধ হ’ব প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনা

Share This Article

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনাৰ অধীনত চলি থকা বিনামূলীয়া ৰেচনৰ বিতৰণ চলিত মাহতে অন্ত পৰিব ৷ অহা ৩০ নৱেম্বৰৰ পাছত গৰীৱ কল্যান যোজনাৰ ম্যাদ বৃদ্ধি কৰাৰ কোনো পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ নাই ৷ চলিত মাহতে আঁচনিখনৰ ম্যাদ উকলি যাব ৷- এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ খাদ্য আৰু অসামৰিক বিতৰণ মন্ত্ৰালয়ৰ সচিব সুধাংশু পাণ্ডেই ৷ এক সংবাদমেলত তেও কয় যে কোভিডৰ বাবে বলবৎ কৰা লকডাউনৰ সময়ত দৰিদ্ৰ লোকসকলক সহায় কৰিবৰ বাবে প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনা আৰম্ভ কৰা হৈছিল ৷ প্ৰথমাৱস্থাত ২০২০ চনৰ এপ্ৰিলৰ পৰা জুন মাহলৈ এই আঁচনিৰ অধীনত বিনামূলীয়া ৰেচন বিতৰণ কৰা হৈছিল ৷ তাৰ পাছত কেবাবাৰো আঁচনিখনৰ ম্যাদ বৃদ্ধি কৰা হয় ৷ কিন্তু অহা ৩০ নৱেম্বৰৰ পাছত প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনাৰ ম্যাদ বৃদ্ধি কৰাৰ কোনো পৰিকল্পনা নাই বুলি বিষয়াগৰাকীয়ে স্পষ্ট কৰি দিয়ে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.