নৰেন্দ্ৰ মোদীৰ কোনখন ভাৰত সফল হল ২০২২ চনৰ ভিতৰত?

Share This Article

২০১৫ চনত মোদী চৰকাৰে মুকলি কৰিছিল স্কীল ইণ্ডিয়া মিচন৷এই মিচনৰ লক্ষ্য আছিল,২০২২ চনৰ ভিতৰত ভাৰতৰ ৪০ কোটি যুৱকক বজাৰ সর্ম্পকীয় উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰি দক্ষতাৰ বিকাশ সাধন কৰা৷ব্যাপক প্ৰচাৰেৰে স্কিল ইণ্ডিয়াৰ জৰিয়তে ২০২২ চনৰ ভিতৰত নতুন ভাৰতৰ সপোন দেখুৱাইছিল ভাৰত চৰকাৰে৷
কিন্তু ফলাফল কি?দেশৰ কিমান যুৱকক উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰি দক্ষতাৰ বিকাশ সাধন কৰিলে ভাৰত চৰকাৰে?ভাৰত চৰকাৰৰ দক্ষতা বিকাশ মন্ত্ৰালয়ে ২০২১ চনত ডাঙি ধৰা তথ্য অনুসৰি,২০১৬ চনৰ পৰা ২০২১ চনৰ জানুৱাৰী মাহলৈ স্কীল ইণ্ডিয়া মিচনৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰা হল মাত্ৰ ১ কোটি ৭ হাজাৰ যুৱক যুৱতীক৷এইয়া হৈছে নৰেন্দ্ৰ মোদীৰ প্ৰথমখন ভাৰত,স্কীল ইণ্ডিয়াৰ সফলতাৰ কাহিনী৷

এইবাৰ আহিছো ডিজিটেল ইণ্ডিয়াৰ প্ৰসংগলৈ৷২০১৫ চনত নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিল ডিজিটেল ইণ্ডিয়া অভিযান৷এই অভিযানৰ মুল লক্ষ্য আছিল দেশৰ গ্ৰাম্য অঞ্চলত হাই স্পীড ইন্টাৰনেট সেৱা সংযোগ কৰা আৰু সকলোকে ডিজিটেল শিক্ষাৰে সৈতে জৰিত কৰা৷এতিয়া চাও আহক ডিজিটেল ইণ্ডিয়াৰ সফলতাৰ কাহিনী৷
ইন্টাৰনেট এণ্ড মোবাইল এচ’চিয়েচন অফ ইণ্ডিয়াৰ তথ্য অনুসৰি,২০২০ চনলৈ ভাৰতৰ চহৰ অঞ্চলৰ সর্বমুঠ ৩২৩ মিলিয়ন লোক অর্থাৎ ৬৭ শতাংশ লোকে ইন্টাৰনেট ব্যবহাৰ কৰে৷আনহাতে গ্ৰাম্য অঞ্চলৰ মাত্ৰ ২৯৯ মিলিয়ন অর্থাৎ ৩১ শতাংশ লোকেহে ব্যবহাৰ কৰে ইন্টাৰনেট৷

নৰেন্দ্ৰ মোদীৰ আন এখন ভাৰত হৈছে মেক ইণ ইণ্ডিয়া৷মেক ইন ইণ্ডিয়াৰ প্ৰধান লক্ষ্য,দহ কোটি চাকৰিৰ সৃষ্টি৷মেক ইন ইণ্ডিয়াৰ প্ৰচাৰ চলাই কি কৈছিল নৰেন্দ্ৰ মোদীয়ে এবাৰ চাই লওক৷
কিন্তু মেক ইন ইণ্ডিয়াৰ ফলাফল কি?৫ বছৰলৈ প্ৰতিবছৰে ২ কোটি চাকৰিৰ গেৰান্ট দিয়া মোদী চৰকাৰে এইবাৰ গেৰান্টি দিছে মাত্ৰ ৬০ লাখ চাকৰি৷কিন্তু চেণ্টাৰ ফৰ ইক’নমিক ডাটা এণ্ড এনালাইচিচৰ মতে ২০১৬-১৭ ৰ পৰা ২০১৯-২০- এই চাৰি বছৰত ১ কোটি লোকে কৰ্ম সংস্থাপন হেৰুৱালে৷আনহাতে চেন্টাৰ ফৰ মনিটাৰিঙ ইণ্ডিয়ান ইকনমিৰ তথ্য অনুসৰি লকডাউনৰ সময়ত দেশৰ ১২ কোটি লোকে হেৰুৱাইছে সংস্থাপন৷এইয়া হৈছে নৰেন্দ্ৰ মোদীৰ মেক ইন ইণ্ডিয়াৰ সফলতাৰ কাহিনী৷

২০২২ চনত ভাৰতে স্বাধীনতাৰ ৭৫ টা বছৰত ভৰি দিব৷সেই উপলক্ষে ২০২২ চনত নতুন ভাৰত গঢ় দিয়াৰ সংকল্প লবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ নিউ ইণ্ডিয়াত সোমাই আছে নিবনুৱাৰ সংস্থাপন,গৃহ নির্মাণ,কৃষকৰ আয় দুগুণ ইত্যাদি ইত্যাদি৷২০২২ ৰ ভিতৰত কৃষকৰ আয় দুগুন নহলেও পুজিপতিৰ আয় বৃদ্ধি হল কেইবাগুণ৷বিগত এটা বছৰত বিজেপিৰ সম্পত্তিৰ পৰিমাণো বৃদ্ধি হল দুগুন৷২০২২ চনৰ ভিতৰত দেশৰ চহৰ অঞ্চলত ২ কোটি ঘৰ আৰু গ্ৰাম্য অঞ্চলত ৪ কোটি গৃহ নির্মানৰ পৰিকল্পনা কৰা হৈছিল৷কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দেশৰ চহৰ অঞ্চলত এতিয়ালৈকে নির্মাণ সম্পূর্ণ হৈছে মাত্ৰ ৫৪ লাখ ৪৫ হাজাৰ গৃহৰ৷অর্থাৎ ২ কোটি গৃহ নির্মানৰ লক্ষ্য থিৰ কৰাৰ বিপৰীতে এতিয়ালৈ চহৰ অঞ্চলত নির্মাণ হল মাত্ৰ ৫৪ লাখ গৃহ৷
২০১৫ চনৰ বাজেটতে নতুন ২০২২ চনৰ ভিতৰত নতুন ভাৰতৰ সপোন দেখুৱাইছিল মোদী চৰকাৰে৷২০২২ বর্ষক অমৃত মহোৎসৱ হিচাপে পালন কৰাৰ কথা কোৱা হৈছিল বাজেটত৷এই বাজেটত ভাৰতে প্ৰৱেশ কৰিলে অমৃতকালত৷কিন্তু নতুন ভাৰত চাবলৈ ভাৰতে ৰব লাগিব এইবাৰ স্বাধীনতাৰ ১০০ টা বছৰলৈ৷তাৰ বাবে অপেক্ষা কৰিব লাগিব আৰু ২৫ টা বছৰ৷অর্থাৎ ২০২২ বর্ষত আপুনি যিখন নিউ ইণ্ডিয়াৰ সপোন দেখিছিল,সেই নিউ ইণ্ডিয়া চাবলৈ আপুনি ৰব লাগিব ২০৪৭ চনলৈ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.