নৰেন্দ্ৰ মোডী কিমান পঢ়া,কিয় লাগে কেজৰিৱালক?

Share This Article

প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ বিচাৰি পুনৰ মুখথেকেঁচা খালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।গুজৰাট উচ্চ ন্যায়ালয়ে শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যালয়ে নৰেন্দ্ৰ মোডীৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ ছাৰ্টিফিকেট দাখিল কৰাৰ বিষয়টোক নস্যাৎ কৰে।শুকুৰবাৰে গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বীৰেন বৈষ্ণৱৰ এজনীয়া বিচাৰপীঠে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ মুখ্য তথ্য বিষয়া , গুজৰাট বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়া দুগৰাকীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা সম্পৰ্কত তথ্য যোগানৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰে।গুজৰাট উচ্চ ন্যায়ালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ২৫ হাজাৰ টকাৰ জৰিমনাও বিহে।বাৰ এণ্ড বেঞ্চ নামৰ ৱেবছাইটত প্ৰকাশ কৰা তথ্য অনুসৰি বিশ্ববিদ্যালয় দুখনক প্ৰতিনিধিত্ব কৰা চলিছিটৰ জেনেৰেল তুষাৰ মেহতাই কয় ‘ গণতন্ত্ৰত এজন ব্যক্তিয়ে এটা পদবীত অধিষ্ঠিত হ’বৰ বাবে ব্যক্তিজন অশিক্ষিত নে ডক্টৰেট সেইটো জনাৰ প্ৰয়োজন নাই৷এই বিষয়ৰ লগত জনতা কোনো কাৰণতে জড়িত নহয়।মাত্ৰ তেওঁৰ ব্যক্তিগত জীৱনতহে ই প্ৰভাৱ পেলায়।’
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মতে তেওঁ ১৯৭৮ চনত গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু ১৯৮৩ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।আনহাতে,কেজৰিৱালৰ অধিবক্তা পাৰ্চী কভিনাই কয় ‘ আপোনালোকে যদি তেওঁৰ মনোনয়ন পত্ৰখন চাই তাত দেখিব তেওঁৰ শিক্ষাগত অৰ্হতাৰ কথা।সেয়ে আমি ডিগ্ৰী চাৰ্টিফিকেট বিচাৰিছোঁ,মাৰ্কশ্বিট নহয়।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.