সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নিৰ্বাচন ২০২১ : নাহৰকটীয়াত লুৰিণ – হিমন্তৰ ছায়াযুদ্ধ

ক’ৰোনাৰ সংক্ৰমণৰ সমান্তৰালভাৱে ৰাজ্যত এতিয়া পূৰ্ণগতিত আৰম্ভ হৈছে ৰাজনীতিৰ চৰ্চা ৷ ২০২১ চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসক বিৰোধী উভয় দলেই ককালত টঙালি বান্ধি সাজু হৈছে ৷ তাৰ মাজতে আকৌ উচ্চাৰিত হৈছে তৃতীয় বিকল্পৰ প্ৰসংগও ৷ আঞ্চলিকতাবাদকে মূল ভিত্তি কৰি সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত ইতিমধ্যে এক তৃতীয় মৰ্চা গঠনৰ কাম আৰম্ভ হৈছে ৷ আঞ্চলিক দলৰ প্ৰসংগক অধিক গতি দি ৰাজ্যৰ প্ৰধান ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাও নতুন দল গঠনৰ কথা ঘোষাণা কৰা হৈছে ৷ ইয়াৰ বাবে আছুৰ মজিয়াত ইতিমধ্যে ব্যাপক কুচকাৱাজ আৰম্ভ হৈছে ৷ অহা অক্টোবৰ মাহত আছুৰ অধিৱেশন অনুষ্ঠিত হ’ব আৰু তাৰ পাছতে সংগঠনটোৰ পৰা বিদায় লোৱা নেতাসকলৰ নেতৃত্বত জন্ম লাভ কৰিব নতুন আঞ্চলিক দলটোৱে ৷ দলৰ প্ৰসংগ উত্থাপন হোৱাৰ লগে লগে আহি পৰে প্ৰাৰ্থিত্বৰ বিষটোও ৷ ৰাজনৈতিক মহলত হোৱা চৰ্চা অনুসৰি , নতুন আঞ্চলিক দলটোৰ পৰা পূৱ গোৱালপাৰা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব বৰ্তমানৰ আছুৰ সভাপতি দীপাংক কুমাৰ নাথে ৷ আনহাতে , সংগঠনটোৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে দুলীয়াজান আৰু নাহৰকটীয়া দুয়োটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ কথা চিন্তা কৰি আছে ৷ ইয়াৰ বাবে ছাত্ৰ সন্থাৰ কৰ্মীসকলক সমষ্টি দুটাত ব্যাপক তৎপৰ হোৱা দেখা গৈছে ৷

লুৰিণজ্যতি গগৈ

যদিহে লুৰিণজ্যোতি গগৈয়ে নাহৰকটীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়ায় তেনেহ’লে নিৰ্বাচনী যুঁজখন অতি আকৰ্ষনীয় হৈ পৰিব ৷ নাহৰকটীয়াৰ বৰ্তমানৰ বিধায়ক হ’ল অগপৰ নৰেন সোণোৱাল (বটালি) ৷ কিন্তু আগন্তুক নিৰ্বাচনত বিজেপিয়ে অগপক সমষ্টিটো এৰি দিয়াৰ কোনো সম্ভাৱনা নাই ৷ আজিৰ পৰিস্থিতিত সমষ্টি নাইবা ৰাজ্যৰ ৰাজনীতি ক’তোৱে নৰেন সোণোৱালৰ বিশেষ ভূমিকা দেখা নাযায় ৷ এনে পৰিস্থিতিত এইবাৰ নাহৰকটীয়া সমষ্টিতো বিজেপিয়ে নিজৰ দখলত ৰাখিবলৈ বিচাৰিব ৷ বিজেপিৰ কেবাজনো নেতাই নাহৰকটীয়াত কুচকাৱাজ চলাই আছে যদিও চৰ্চাৰ শীৰ্ষত আছে বিজেপিৰ যুৱ নেতা তৰংগ গগৈৰ নাম ৷ তৰংগ গগৈৰ নাম চৰ্চিত হোৱাৰ কাৰণটো হ’ল তেওঁৰ শিৰত থকা ড: হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ ৷ বিগত বহু বছৰ ধৰি ড: হিমন্ত বিশ্ব শৰ্মাৰ লগত ছাঁটোৰ দৰে লাগি আছে এইগৰাকী তৰংগ গগৈ ৷ ড : শৰ্মা কংগ্ৰেছত থকা সময়ত তৰংগ গগৈ আছিল যুৱ কংগ্ৰেছৰ বিষয়ববীয়া ৷ পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মাৰ লগত শিবিৰ সলনি কৰি তৰংগ গগৈয়ে যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিত স্থান লাভ কৰে ৷ এতিয়া তৰংগ গগৈৰ পৰিচয় হ’ল নাহৰকটীয়া সমষ্টিত ড: হিমন্ত বিশ্ব শৰ্মা প্ৰক্ষেপিত প্ৰাৰ্থী ৷
তৰংগ গগৈ(বগা চোলা পৰিহিত ,হিমন্ত বিশ্বৰ সোফালে)

ইমানখিনিলৈ সকলো ঠিকেই আছিল ৷ হঠাৎ কাহিনীত টুইষ্ট আহি পৰিল নাহৰকটীয়াত লুৰিণজ্যোতি গগৈৰ প্ৰৱেশৰ পাছৰ পৰা ৷আছু নেতা লুৰিণজ্যোতি গগৈ আৰু মন্ত্ৰী ড: হিমানত বিশ্ব শৰ্মাৰ মাজত সময়ে সময়ে হোৱা বাকবিতণ্ডাই প্ৰায়ে সংবাদ শিৰোণাম দখল কৰি আহিছে ৷ এই বাকযুদ্ধ এতিয়া পোনপটীয়া ভোটযুদ্ধলৈ পৰ্যবসিত হোৱাৰ উপক্ৰম হৈছে ৷ যদিহে নাহৰকটীয়াত লুৰিণজ্যোতি গগৈয়ে নতুন আঞ্চলিক দলৰ পৰা প্ৰতিদ্বন্দিতা কৰে আৰু তৰংগ গগৈয়েও বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰে তেনেহ’লে এয়া কেৱল লুৰিণ- তৰংগৰ মাজৰ যুঁজ হৈ নাথাকিব ৷ বহু বছৰৰ ঘণিষ্ঠ তৰংগ গগৈক জিকাই আনিবলৈ সকলো ধৰণৰ চেষ্টাই চলাব ড: হিমন্ত বিশ্ব শৰ্মাই ৷ কাৰণ , এয়া হৈ পৰিব মন্ত্ৰীগৰাকীৰ বাবে সন্মানৰ প্ৰশ্ন ৷ গতিকে , মেঘনাদৰ দৰে মেঘৰ আঁৰৰ পৰাই নাহৰকটীয়াৰ নিৰ্বাচনী ৰণত যুদ্ধংদেহী হৈ নামি পৰিব হিমন্ত বিশ্ব শৰ্মা ৷ এককথাত নাহৰকটীয়াত লুৰিণজ্যোতিৰ বিৰুদ্ধে ছায়াযুদ্ধত অৱতীৰ্ণ হ’ব খোদ ড : হিমন্ত বিশ্ব শৰ্মা ৷ কাজেই নাহৰকটীয়া অহা বিধানসভা নিৰ্বাচনৰ অন্যতম “হট চীট” হৈ উঠাৰ সম্ভাৱনা আছে ৷ অৱশ্যে নিৰ্বাচনলৈ এতিয়াও ৯ মাহ সময় বাকী আছে ৷ এই ৯ মাহৰ ভিতৰত আছু, কৃষক মুক্তি আদিৰ উদ্যোগত কেবাটাও আঞ্চলিক দলে আত্মপ্ৰকাশ কৰিব ৷ ইয়াৰ পাছতহে ক’ৰ পানী ক’লৈ বয় ,সেই সকলোবোৰ স্পষ্ট হৈ পৰিব ৷ কিন্তু নাহৰকটীয়াত এতিয়াৰে পৰা লুৰিণ বনাম হিমন্তৰ সাম্ভাব্য ছায়াযুদ্ধক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷

Leave A Reply

Your email address will not be published.